জ্যেষ্ঠ সাংবাদিক পৰশ চলিহালৈ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 12:55 PM IST

thumbnail

তিনিচুকীয়া,১৭ জানুৱাৰী: তিনিচুকীয়াৰ জ্যেষ্ঠ সাংবাদিক তথা সাংস্কৃতিক কৰ্মী পৰশ চলিহাৰ সোমবাৰে নিশা নিজ বাসগৃহত শেষ নিস্বাস ত্যাগ কৰাৰ পাছতে জিলাখনত এক গভীৰ শোকৰ ছাঁ পৰা পৰিলক্ষিত হয় । দীৰ্ঘদিনৰ পৰা ৰোগত আক্ৰান্ত হৈ অৱশেষত ৬২ বছৰ বয়সত হাৰ মানে চলিহাই ৷ পৰৱৰ্তী সময়ত মঙলবাৰে সন্ধিয়া তিনিচুকীয়া মহাবিদ্যালয়ৰ প্ৰাংগনত অৱস্থিত শ্বহীদ বেদীৰ সমীপত তিনিচুকীয়া আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত জ্যেষ্ঠ সাংবাদিক অমূল্য খাটনিয়াৰ, ৰূপম কাকতিৰ উপস্থিতিত জ্যেষ্ঠ সাংবাদিক পৰশ চলিহাৰ লগতে তিনিচুকীয়া শ্ৰীপুৰীয়াৰ নিবাসী সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিষ্ঠাপক সভাপতি প্ৰদীপ দেৱানলৈ একাঁজলী শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ৷  

উক্ত অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰি দুয়োগৰাকী বিশিষ্ট ব্যক্তিৰ আত্মাৰ সদগতি কামনা কৰাৰ লগতে তেখেতসকলৰ কৰ্মৰাজিৰ বিষয়ে সোঁৱৰে ৷ সমান্তৰালভাৱে, বাণিজ্যিক চহৰ তিনিচুকীয়াৰ কেন্দ্ৰবিন্দু থানা চাৰিআলিত তিনিচুকীয়াৰ সংবাদকৰ্মীসকলে জ্যেষ্ঠ সাংবাদিক পৰশ চলিহাৰ আত্মাৰ সদগতি কামনা কৰি এক শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে ৷ তিনিচুকীয়া সদৰৰ কুৰিৰো অধিক জ্যেষ্ঠ-কনিষ্ঠ সাংবাদিকৰ উপস্থিতিত আয়োজন কৰা উক্ত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত জ্যেষ্ঠ সাংবাদিকগৰাকীৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰি তেখেতৰ কৰ্মৰাজীক শ্ৰদ্ধাৰে সোঁৱৰে ৷ 

লগতে পঢ়ক: তেজপুৰত অসম চৰকাৰৰ কেন্দ্ৰীয় শিল্পী দিৱস পালন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.