ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত এলেকাত খনন: ৰাইজৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 3:16 PM IST

thumbnail

মিৰ্জা, ১৭ জানুৱাৰী: দক্ষিণ কামৰূপৰ বৰটাৰীৰ সহস্ৰাধিক কৃষকৰ জীৱনলৈ নামি আহিছে ঘোৰ অন্ধকাৰ । ব্ৰহ্মপুত্ৰৰ খহনীয়াগ্ৰস্ত এলেকাত বালি খান্দি কৃষকক নিঃশেষ কৰাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে একাংশ লোক । সেয়েহে দক্ষিণ কামৰূপৰ পলাশবাৰী সমষ্টিৰ কুকুৰমাৰাৰ সমীপৰ বৰটাৰী গাঁৱত আজি সহস্ৰাধিক কৃষকে জনালে প্ৰতিবাদ । ব্ৰহ্মপুত্ৰৰ পাৰত থকা পলসুৱা মাটিত এটা শক্তিশালী চক্ৰই হঠাতে এক্সাভেটৰৰে দিনে-নিশাই খনন কাৰ্য চলাই থকাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিলে ।  

বছৰ বছৰ ধৰি এইসকল কৃষকে ব্ৰহ্মপুত্ৰৰ দাঁতিকাষৰীয়া এই বৃহত্তৰ অঞ্চলটোত মালভোগ কল,থাইলেণ্ডৰ মধুৰীআম,বগৰী,সৰিয়হ আদি খেতি কৰি উপাৰ্জনৰ পথ বাছি লৈছিল । পিছে এই খননে হাজাৰ হাজাৰ কৃষকৰ পৰিয়াললৈ নমাই আনিছে কাল অমানিশা । উপায়হীন হৈ কৃষকসকলে প্ৰথমে পলাশবাৰীৰ চক্ৰ বিষয়া আৰু উপায়ুক্তক অৱগত কৰিছিল যদিও কোনো সুফল নোপোৱাত বুধবাৰে বৰটাৰীত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে । ইয়াৰ পিচতো যদি এই বিভাগীয় কৰ্তৃপক্ষ, স্থানীয় বিধায়ক আৰু মুখ্যমন্ত্ৰীয়ে বিষয়টোত হস্তক্ষেপ নকৰে তেন্তে ইয়াতকৈও জংগী আন্দোলন কৰাৰ হুংকাৰ দিয়ে কৃষকসকলে ।

লগতে পঢ়ক:অবৈধ বালি খনন ৰোধৰ দাবীত কলগাছিয়াত ৰাইজ ওলাই আহিল ৰাজপথলৈ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.