Protest at Barpetaroad: বিধ্বস্ত পথ মেৰামতিৰ দাবীত বৰপেটাৰোডত প্ৰতিবাদ

By

Published : Mar 20, 2023, 10:47 AM IST

thumbnail

বৰপেটাৰোড, ২০ মাৰ্চ: বৰপেটাৰোড-গুৱাগাছা সংযোগী পথ মেৰামতিৰ দাবীত দেওবাৰে ৰাইজে পথ অৱৰোধ কৰে (Public protest at Barpetaroad) । বৰপেটাৰোড-গুৱাগাছা সংযোগী পথৰ দুৰৱস্থাই বিগত কেইবাবছৰ ধৰি সাধাৰণ ৰাইজক যমৰ যাতনা ভোগাই আহিছে । এই পথটোৰ দুৰৱস্থাৰ বাবে প্ৰায়ে দুৰ্ঘটনা সংঘটিত হৈ আহিছে । এজাক বৰষুণতেই এই পথটো বিধ্বস্ত হোৱাৰ লগতে পথৰ মাজত পুখুৰী সদৃশ গাঁতৰ সৃষ্টি হয় (Dilapidated road in Barpetaroad) ৷  

ৰাইজৰ লগতে বিভিন্ন দল-সংগঠনে দীৰ্ঘ দিনৰ পৰা এই পথটোৰ মেৰামতিৰ বাবে দাবী জনাই আহিছে যদিও সংশ্লিষ্ট কৰ্তৃপক্ষই কোনো গুৰুত্ব প্ৰদান নকৰাত হিন্দু সুৰক্ষা সেনা, অসম (Hindu Suraksha Sena Assam protest in Barpetaroad) আৰু আক্ৰাছুৰ উদ্যোগত স্থানীয় ৰাইজে দেওবাৰে ২ ঘন্টীয়া পথ অৱৰোধ কাৰ্যসূচী  ৰূপায়ন কৰে । উল্লেখ্য যে, জাখলিবিল পথাৰ কৃষ্ণনগৰ অঞ্চলটো বৰপেটা জিলাৰ সৰভোগ সমষ্টি আৰু বাক্সা জিলাৰ মঠনগুৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত (Protest at Barpeta road)। 

 দুজনকৈ জনপ্ৰতিনিধি থকাৰ পিছতো এই পথটোৰ দুৰৱস্থাৰ বাবে যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজ । সেয়েহে এই পথছোৱা শীঘ্ৰেই পুনৰ নিৰ্মাণ কৰি যাতায়তৰ বাবে সুচল কৰি দিয়াৰ বাবে সৰভোগৰ বিধায়ক মনোৰঞ্জন তালুকদাৰ আৰু ই এম গৌতম দাসক দাবী জনাইছে (Sarbhog MLA Manoranjan Talukdar) । এই গুৰুত্বপূৰ্ণ পথছোৱা মেৰামতি নকৰিলে অনাগত দিনত তীব্ৰ গণতান্ত্ৰিক আন্দোলনৰ কাৰ্যসূচী গ্ৰহণৰ লগতে ভোট বৰ্জন কৰাৰো হুংকাৰ দিয়ে সংগঠন দুটাৰ নেতৃত্বই । 

লগতে পঢ়ক:World Oral Health Day 2023: (Embargo For Tommorow) দাঁতৰ সমস্যাৰ পৰা হাত সাৰিবলৈ অৱলম্বন কৰক এইসমূহ উপায়

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.