Negligence of APDCL: এমাহত এটা পৰিয়াললৈ আহিল 13 লাখ টকাৰ বিদ্যুতৰ বিল

By

Published : Jun 4, 2023, 6:04 PM IST

thumbnail

গুৱাহাটী, ৪ মে’: উৎকট গৰমে দহিছে ৰাজ্যবাসীক (Heat waves hits in Assam) । সমান্তৰালভাৱে বিদ্যুতৰ লুকা-ভাকুয়ে জলা-কলা খুৱাইছে সৰ্বসাধাৰণ ৰাইজক (Public fire against APDCL in Guwahati)। তাৰ মাজতে আকৌ ভূতৰ ওপৰত দানৱ পৰা দি বিদ্যুৎৰ অভাৱনীয় মাছুল বৃদ্ধিয়ে কোঙা কৰি তুলিছে খাটি খোৱা জনতাক । ইয়াৰ মাজতে এইবাৰ মহানগৰীৰ এটি পৰিয়ালক বিদ্যুতৰ বিলে চকু কপালত তুলিছে ।  

মহানগৰীৰ বামুণীমৈদামৰ আকাশী নগৰৰ ৰইছুদ্দিন আহমেদৰ এইবাৰৰ বিদ্যুতৰ বিল আহিছে ১৩,০৪,২০৮ টকা । অথচ লোকজনৰ ঘৰত পূৰ্বে প্ৰতিমাহে বিল আহিছিল ১২০০ ৰ পৰা ১৭০০ টকা পৰ্যন্ত । লক্ষ্যণীয়ভাৱে প্ৰতি মাহে নিয়মীয়াকৈ বিদ্যুত মাচুল আদায় দিয়াৰ সময়তে যোৱা ১ জুনত ৰইছুদ্দিন আহমেদৰ নামত APDCLৰ তৰফৰ পৰা হঠাৎ এমাহৰ বাবে ১৩,০৪,০২০৮ টকা বিল অহাত স্বাভাৱিকতে হতভম্ব হৈ পৰে । এই বৃহৎ পৰিমাণৰ ধন কেনেকৈ পৰিশোধ কৰিব তাক লৈ এতিয়া বিপাঙত পৰি সংবাদ মাধ্যমৰ ওচৰত শৰণাপন্ন হৈছে ভুক্তভোগী ৰইছুদ্দিন আহমেদে ।  

ৰইছুদ্দিন আহমেদৰ বৰ্তমানৰ ভূমিখিনি বিক্ৰী কৰিলেও ইমানখিনি মূল্য নাপায় বুলিও ব্যক্ত কৰিছে ভুক্তভোগীজনে । গ্ৰাহকজনে এই সন্দৰ্ভত অসম শক্তি বিতৰণ কোম্পানী লিমিটেডৰ কাৰ্যালয়ত দুই এদিনতে অভিযোগ দাখিল কৰিব বুলি কয় । অন্যথা ৰইছুদ্দীন আহমেদে APDCLৰ বিৰুদ্ধে আদালতৰ ওচৰ চপাৰো হুংকাৰ দিছে ।

লগতে পঢ়ক: Warm situation in Dibrugarh : দুলীয়াজান ক্লাৱত অনুষ্ঠিত হোৱা প্ৰাক্তন আছু সতীৰ্থ সন্মিলনক লৈ উত্তপ্ত পৰিস্থিতি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.