অসম-মণিপুৰ সীমান্তত স্থানীয় ৰাইজে জ্বলালে নগা উগ্ৰপন্থী সংগঠনৰ শিবিৰ

By ETV Bharat Assamese Team

Published : Dec 21, 2023, 8:53 PM IST

thumbnail

কৰিমগঞ্জ/শিলচৰ, 21 ডিচেম্বৰ : অসম-মণিপুৰ সীমান্তৰ কাছাৰৰ নামদাইলং পুঞ্জীত জ্বলাই দিয়া হ’ল নাগা নেশ্যনেল কাউঞ্চিল (NNC) নামৰ নগা উগ্ৰপন্থীৰ সংগঠনৰ এটা শিবিৰ ৷ স্থানীয় ৰাইজ একত্ৰিত হৈ জ্বলাই দিলে উগ্ৰপন্থী সংগঠনটোৰ এই শিবিৰ ৷  

উল্লেখ্য যে, নামদাইলং পুঞ্জীত বিগত কেইবাদিনো ধৰি নাগা নেশ্যনেল কাউঞ্চিল (NNC) নামৰ উগ্ৰপন্থী সংগঠনটোৰ তৎপৰতা বৃদ্ধি পাইছে ৷ অভিযোগ অনুসৰি সংগঠনটোৰ কেডাৰ সকলে অঞ্চলটোত দীৰ্ঘদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰি আহিছে ৷ ধন দাবীকে ধৰি বিভিন্ন কাৰ্যকলাপেৰে স্থানীয় লোকক সংগঠনটোৰ কেডাৰ সকলে অত্যাচাৰ চলাই অহাৰ অভিযোগ উত্থাপন হৈছে ৷  

ইয়াৰ মাজতে 12 ডিচেম্বৰত নামদাইলং পুঞ্জীত থকা সংগঠনটোৰ এটা অস্থায়ী কেম্পত এক গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল ৷ উগ্ৰপন্থী সংগঠনটোৰ সভা চলি থকাৰ সময়ত সতীৰ্থই গুলীয়াই হত্যা কৰিছিল আন এক সদস্যক ৷ এই ঘটনাক লৈ অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছিল আৰু আৰক্ষীয়ে অভিযানত নামি সংগঠনটোৰ তিনি কেডাৰক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছতে এইবাৰ স্থানীয় ৰাইজ একত্ৰিত হৈ জ্বলাই দিলে NNC ৰ অস্থায়ী শিবিৰটো ৷ 

লগতে পঢ়ক : প্ৰসংগ : গ্ৰেনেড বিস্ফোৰণ; অসম আৰক্ষীক মিথ্যাচাৰী বুলিলে আলফা(স্বা)ই

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.