Students work as traffic police:ট্ৰেফিক পুলিচৰ ৰূপত কলেজীয়া ছাত্ৰ

By

Published : Aug 11, 2023, 8:06 PM IST

thumbnail

বাইহাটা, 11 আগষ্ট : বাইহাটা চাৰিআলিত যানবাহন নিয়ন্ত্ৰণ আৰক্ষীৰ ৰূপত দেখিবলৈ পোৱা গৈছে কলেজীয়া ছাত্ৰক । বাইহাটা চাৰিআলিত হোৱা যান জঁট নিয়ন্ত্ৰণত আৰক্ষীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে উত্তৰ কামৰূপৰ আগশাৰীৰ উচ্চ শিক্ষাৰ অনুষ্ঠান পূব কামৰূপ মহাবিদ্যালয়ৰ ছাত্ৰসকল ।

ৰঙিয়া মহকুমাৰ মহকুমাধিপতি গৰাকীৰ আহ্বান মৰ্মে "প্ৰকল্প সু পৰিবহণ" আঁচনি ৰূপায়ণৰ চেষ্টা চলাইছে এই ছাত্ৰসকলে । প্ৰতি সপ্তাহৰ সাপ্তাহিক বজাৰৰ দিনা সৃষ্টি হোৱা তীব্ৰ যান জঁট নিয়ন্ত্ৰণ কৰিবলৈ বাইহাটা চাৰিআলি আৰক্ষীক সহায় কৰিবলৈ আগবাঢ়ি আহিছে ছাত্ৰসকল ।

প্ৰতিটো সপ্তাহতে এটি চাৰিজনীয়া দল হিচাপে তেওঁলোক ওলাই আহে ৷ যানবাহন নিয়ন্ত্ৰণ কৰাৰ লগতে বাইক আৰোহীসকলক হেলমেট পৰিধান কৰা আৰু গাড়ী চালকসকলক চিটবেল্ট পৰিধান কৰাৰ বাবে আহ্বান জনাইছে ছাত্ৰসকলে ।

লগতে পঢ়ক : Super 50 inaugurated: ৰঙিয়াত চুপাৰ ৫০ ৰ শুভ উদ্বোধন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.