Protest in Chachal: বড়োলেণ্ড ইউনিভাৰ্চিটিৰ উপাচাৰ্যক অপসাৰণৰ দাবীত প্ৰতিবাদ

By

Published : Aug 17, 2023, 4:50 PM IST

thumbnail

গুৱাহাটী,১৭ আগষ্ট: বড়োলেণ্ড ইউনিভাৰ্চিটিৰ উপাচাৰ্য লাইশ্ৰাম লাডু সিঙক অপসাৰণ আৰু গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰি চচলৰ নিৰ্ধাৰিত ধৰ্ণাস্থলীত তিনি ঘণ্টীয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে নিখিল বড়ো ছাত্ৰ সন্থাই । প্ৰতিবাদকাৰীসকলে অতি শীঘ্ৰে বড়োলেণ্ড বিশ্ববিদ্যালয়ত নতুনকৈ নিয়মীয়া উপাচাৰ্যক নিযুক্তি দিয়া, লাডু সিঙক গ্ৰেপ্তাৰ আৰু অপসাৰণ কৰা, ছাত্ৰ ছাত্ৰীৰ শৈক্ষিক ভৱিষ্যত সুনিশ্চিত কৰাৰ দাবী তুলি বিভিন্ন শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি তোলে ।  

ইয়াৰোপৰি প্ৰতিবাদকাৰীসকলে বড়োলেণ্ড ইউনিভাৰ্চিটিৰ স্নাতক মহলাৰ ষষ্ঠ ষান্মাসিকৰ ফলাফল অতিশীঘ্ৰে ঘোষণা কৰাৰ দাবী উত্থাপন কৰে । উল্লেখ্য যে, লাড়ু সিঙক পূৰ্বতে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিৰ্বাৰক শাখাই গ্ৰেপ্তাৰ কৰিছিল ২০২২ চনতেই বিত্তীয় কেলেংকাৰীৰ সন্দৰ্ভত গ্ৰেপ্তাৰ কৰিছিল । কিন্তু তাৰ পাছতো সিং উপাচাৰ্যৰ পদবীত থকাক লৈ ক্ষোভিত হৈ পৰে নিখিল বড়ো ছাত্ৰ সন্থা । 

লগতে পঢ়ক: CM in Jorhat: যোৰহাট আৱৰ্ত ভৱনত শিক্ষাৰ্থীৰে বাৰ্তালাপ মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.