Protest in Kalgachia: কলগাছিয়াত খহনীয়া ৰোধৰ দাবীত প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 10:47 AM IST

thumbnail

জনীয়া,২৪ অক্টোবৰ: কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাওৰাচৰাত বেকী নদীৰ খহনীয়াই তীব্ৰ হাহাকাৰৰ সৃষ্টি কৰিছে । ইতিমধ্যে নৈ খনৰ খহনীয়াত শ শ পৰিয়ালৰ ভেঁটি-মাটি, খেতি-পথাৰ বিধ্বস্ত হৈছে । সেয়েহে ভুক্তভোগী ৰাইজ একত্ৰিত হৈ খহনীয়া প্ৰতিৰোধৰ দাবীত চৰকাৰৰ ওচৰত এক অনুৰোধমূলক কাৰ্যসূচী ৰূপায়ণ কৰে । লগতে নেদেখাজনৰ ওচৰত ভয়াবহ খহনীয়াৰ কবলৰ পৰা উদ্ধাৰ কৰাৰ কামনাৰে দোৱা-প্ৰাৰ্থনা কৰে ৰাইজে ।  

আনহাতে খহনীয়াগ্ৰস্ত পৰিয়ালৰ লোকসকলে ক্ষোভ প্ৰকাশ কৰি কয় যে নিৰ্বাচন আহে আৰু যায় । বিধায়ক-সাংসদ নিৰ্বাচিত হয়, কিন্তু নৈপৰীয়া ৰাইজৰ কোনো কাম কৰাতো দুৰৰে কথা খবৰ ল'বলৈও আহৰি নহয় । ভোট দি একো লাভ নাই বুলিও মন্তব্য কৰে খহনীয়াগ্ৰস্ত পৰিয়ালে । উল্লেখযোগ্য সাওৰাচৰাত গাঁৱত ৭৫ শতাংশ পৰিয়াল নৈৰ বুকুত জাহ গৈছে । লগতে দুই বছৰত প্ৰায় এক সহস্ৰাধিক বিঘা খেতি-মাটি জাহ যোৱাৰ লগতে প্ৰায় ৫০০ পৰিয়াল নৈৰ বুকুত বিলীন হৈছে ।  

লগতে পঢ়ক: Cattle thief: বিলাসী বাহনেৰে গৰু চুৰি, এটা চোৰ আটক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.