Cattle thief: বিলাসী বাহনত গৰু চুৰি কৰিবলৈ আহি ৰাইজৰ লপা-থপা খালে ফাৰুকে

By ETV Bharat Assamese Team

Published : Oct 24, 2023, 7:19 AM IST

Updated : Oct 24, 2023, 10:31 AM IST

thumbnail

চামগুৰি, 24 অক্টোবৰ :  ৰাজ্যজুৰি গৰু চোৰৰ উপদ্ৰৱ অব্যাহত আছে ৷ নগাঁও জিলাৰ ৰূপহীহাটত বিলাসী বাহনেৰে গৰু চুৰি কৰিবলৈ অহা চোৰক আটক ৰাইজৰ ৷

ঘটনাৰ বিৱৰণী অনুসৰি, সোমবাৰে ৰূপহীহাটৰ হাতীপুখুৰীত চাৰি জনীয়া এটি চোৰৰ দলে বিলাসী বাহনেৰে গৰু চুৰি কৰিবলৈ আহিছিল ৷ ইয়াৰে এটা চোৰক ৰাইজে আটক কৰে যদিও আন তিনিজন পলাই যাবলৈ সক্ষম হয়। আটক কৰা চোৰটো বেলতলীৰ ফাৰুক বুলি জানিব পৰা গৈছে, আনহাতে আন তিনিটা চোৰ হৈছে, লাওগাঁৱৰ ৱাহিদ জামান, ৰাজিবুল, মুকলেচুৰ ৷

গৰু চুৰি কৰিবলৈ অহা বাহনখনৰ নম্বৰ হৈছে AS-01-FM-1245 ৷ পূৰ্বতেও চোৰৰ দলটোৱে গৰু চুৰি কৰি অহাৰ অভিযোগ উত্থাপন হৈছিল ৷ কিছুদিন পূৰ্বে গৰু চুৰি কৰিবলৈ গৈ চোৰৰ দলটো আৰক্ষীৰ জালত পৰাৰ পিচতেই গাড়ী এৰি পলায়ন কৰিছিল ৷ বৰ্তমান ৰূপহীহাট আৰক্ষীয়ে চুৰি কাৰ্যত ব্যৱহাৰ কৰ বাহনখন জব্দ কৰি ৰাখিছে ৷ স্থানীয় ৰাইজে আন তিনি অভিযুক্ত চোৰকো আটক কৰি উপযুক্ত শাস্তি বিহিবলৈ দাবী উত্থাপন কৰে ৷

লগতে পঢ়ক: Durga Puja 2023: পূজা চাবলৈ অহা ব্যৱসায়ী দম্পতীক দুৰ্বৃত্তৰ মাৰপিট

Last Updated : Oct 24, 2023, 10:31 AM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.