Protest at Titabor : পথ মেৰামতি নকৰিলে ভোট বৰ্জনৰ হুংকাৰ বছাবাৰীৰ চাহ শ্ৰমিকৰ

By

Published : Jun 20, 2023, 4:09 PM IST

thumbnail

তিতাবৰ, ২০ জুন : বিধ্বস্ত পথে দুৰ্ভোগ ভোগাইছে তিতাবৰৰ বছাবাৰী অঞ্চলৰ ৰাইজক । যাৰ বাবে পথ মেৰামতিৰ দাবীত তিতাবৰৰ বছাবাৰীত চাহ শ্ৰমিকসকলে সাব্যস্ত কৰে উত্তাল প্ৰতিবাদ । আনহাতে, পথ মেৰামতি নকৰিলে ভোট বৰ্জনৰো হুংকাৰ দিয়ে বছাবাৰী অঞ্চলৰ চাহ শ্ৰমিকসকলে । উল্লেখ্য যে তিতাবৰৰ বছাবাৰী চাহ বাগিচাৰ এটা পথে জ্বলা-কলা খুৱাই আহিছে সাধাৰণ জনতাক ।

পথৰ ইমানেই দুৰৱস্থা যে পথ নে পথাৰ ধৰিবই নোৱাৰি । সাধাৰণ এজাক বৰষুণতে বোকাময় হৈ পৰে পথটো । আনহাতে, বহুবাৰ জনপ্ৰতিনিধিক পথটো মেৰামতিৰ বাবে আবেদন-নিবেদন কৰি আহিছে যদিও কোনো গুৰুত্ব দিয়া নাই জনপ্ৰতিনিধিয়ে । পথটোৰ বাবে বছাবাৰীৰ ৰাইজে যমৰ যন্ত্ৰণা ভোগ কৰিবলগীয়া হৈছে ।

আনহাতে, ছাত্ৰ-ছাত্ৰীসকলো বিদ্যালয়লৈ যাব নোৱাৰা পৰিস্থিতিৰ সৃষ্টি হৈছে । ইফালে পথটোৰ বাবে বৰষুণ দিলেই সকলোৱে গৃহবন্দী হৈ থাকিবলগীয়া হয় । যাৰ বাবে মঙলবাৰে বাগিচাখনৰ শ্ৰমিকসকল ওলাই আহি পথ মেৰামতিৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে । বাগিচাখনৰ শ্ৰমিকসকলে শীঘ্ৰে পথটো মেৰামতি কৰিবলৈ দাবী জনাইছে । অন্যথা ভোট বৰ্জন কৰিব বুলিও হুংকাৰ প্ৰদান কৰিছে ।

লগতে পঢ়ক :Mariani Errosion: উটি গ’ল ৰেলৱেৰ সুৰক্ষা কৱচ; তিনিচুকীয়াৰে ৰে’ল সেৱা বন্ধ হোৱাৰ আশংকা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.