Protest in Nalbari: শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰৰ বিৰুদ্ধে প্ৰতিবাদ

By

Published : Feb 13, 2023, 3:51 PM IST

Updated : Feb 14, 2023, 11:34 AM IST

thumbnail

নলবাৰী, ১৩ ফেব্ৰুৱাৰী: নলবাৰী জিলাৰ শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয় স্থানান্তৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদমুখী হৈছে জনতা (Protest in Nalbari against shifting of Civil Hospital) । চহৰখনৰ মাজমজিয়াৰ পৰা এই চিকিৎসালয়খন ১৪ কিলোমিটাৰ নিলগৰ দক্ষিগাঁৱত নিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সংলগ্ন কৰাত সোমবাৰে বন্ধ হয় জনজীৱন (Shifting of Shaheed Mukund Kakati Civil Hospital)। সমগ্ৰ নলবাৰী চহৰতেই বন্ধৰ প্ৰভাৱ সৰ্বাত্মক ৰূপত পৰে । বন্ধৰ মাজতে পুনৰ ৰাজপথলৈ স্বতঃস্ফূৰ্তভাৱে ওলাই আহিল শ শ মহিলা ।

শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন কোনোপধ্যে নলবাৰী চহৰৰ মাজমজিয়াৰ পৰা স্থানান্তৰ কৰিবলৈ দিয়া নহ'ব বুলি সঁকীয়াই দিলে ক্ষুব্ধ মহিলাই (Nalbari Medical College Hospital)। মহিলাসকলে জয়ন্তমল্ল বৰুৱা গ'বেক, জয়ন্তমল্ল বৰুৱা মূৰ্দাবাদ, স্বাস্থ্য বিভাগ হায় হায় আদি শ্লোগানেৰে নলবাৰীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । ইয়াৰ মাজতেই প্ৰতিবাদী মহিলাৰ ওপৰত আৰক্ষী জঁপিয়াই পৰিল ।  

প্ৰতিবাদকাৰীৰ সকলক নিয়ন্ত্ৰণ কৰিবলৈ নিয়োগ কৰা হৈছে আৰক্ষী-অৰ্ধ সামৰিক বাহিনীৰ লোক (New Medical College in Nalbari)। কেইবাগৰাকীও প্ৰতিবাদী মহিলাক আটক কৰি আৰক্ষীয়ে থানালৈ লৈ যায় । ইয়াৰ মাজতে প্ৰতিবাদস্থলীত উপস্থিত হয় জিলাখনৰ শীৰ্ষ আৰক্ষী বিষয়া । মৰি গ’লেও কোনো পধ্যে শ্বহীদৰ নামত থকা অসামৰিক চিকিৎসালয়খন দক্ষিণ গাঁৱলৈ নিবলৈ দিয়া নহ'ব আদি শ্লোগান দিয়ে প্ৰতিবাদী মহিলাসকলে (Nalbari Civil hospital news)।  

উল্লেখ্য় যে, অসামৰিক চিকিৎসালয়খনৰ বহিঃবিভাগৰ সকলো যাৱতীয় সামগ্ৰীকে আদি কৰি চিকিৎসক, নাৰ্ছ সকলক নলবাৰী  চিকিৎসা মহাবিদ্য়ালয় হাস্পতাললৈ ইতিমধ্য়ে স্থানান্তৰ কৰা হৈছে । অসামৰিক চিকিৎসালয়খনত স্বাস্থ্য সেৱাৰ পৰা জনতা বঞ্চিত হোৱাৰ অভিযোগ উত্থাপন কৰিছে ক্ষুব্ধ মহিলাসকলে । ৰাইজৰ প্ৰতিবাদৰ মাজতেই স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই (Health Minister Keshav Mahanta) শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালত সংলগ্ন কৰি শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খন ২০০ ৰ পৰা ৫০খন বিচনাযুক্ত কৰি চিকিৎসা সেৱা প্ৰদান কৰিব বুলি ঘোষণা কৰাত ক্ষোভৰ উদগীৰণ ঘটাই মহিলাসকল এইদৰে ওলাই আহিল ।  

উল্লেখ্য় যে, এই শ্বহীদ মুকুন্দ কাকতি অসামৰিক চিকিৎসালয়খনলৈ টিহু , পশ্চিম নলবাৰী, মুকালমুৱা, সৰ্থেবাৰীৰ লগতে বাক্সা জিলাৰ ৰোগীসকলে সহজেই আহিব পাৰে । কিন্তু এই চিকিৎসালয়খন ১৪ কিলোমিটাৰ নিলগৰ দক্ষিগাঁৱত নিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্য়ালয় হাস্পতালৰ সৈতে  সংলগ্ন হ'লে এই জিলা কেইখনৰ ৰোগীসকল বঞ্চিত হ'ব বুলি ক্ষোভেৰে কয় প্ৰতিবাদী মহিলাসকলে ।

লগতে পঢ়ক:Tension at Murkong Selek College: প্ৰৱক্তা নিযুক্তি পৰীক্ষাক লৈ মূৰ্কংচেলেক মহাবিদ্যালয়ত উত্তেজনাময় পৰিস্থিতি

Last Updated : Feb 14, 2023, 11:34 AM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.