Protest against ONGC: শিৱসাগৰত অ’এন জি চিৰ বিৰুদ্ধে প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Sep 21, 2023, 4:53 PM IST

thumbnail

শিৱসাগৰ, 21 ছেপ্টেম্বৰ : অ’এন জি চিত (ONGC) লঘু যান-বাহনৰ নিবিদা প্ৰক্ৰিয়া বাতিলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে শিৱসাগৰৰ ১৮ টা জাতীয় সংগঠন । যোৱা ২৬ জুলাইত অ’এন জি চিত ৩৭২ খন লঘু যান-বাহন গ্ৰহণৰ বাবে নিবিদা প্ৰক্ৰিয়াৰ বিজ্ঞাপন প্ৰকাশ কৰিছিল । কিন্তু নিবিদা প্ৰক্ৰিয়া সম্পূৰ্ণ নকৰি বাতিল কৰাত আজি ১৮ টা সংগঠনৰ একত্ৰিত মঞ্চ যৌথ সংগ্ৰামী মঞ্চই অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে ।

জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত নিবিদা বাতিলৰ বিৰুদ্ধে ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে যৌথ সংগ্ৰামী মঞ্চই । ইয়াৰ উপৰিও এই পৰ্যন্ত নিবিদা প্ৰক্ৰিয়াত অংশগ্ৰহণৰ বাবে যিসকল নিৱনুৱা যুৱক-যুৱতীয়ে আৱেদন জনাইছিল সেইসকলক ক্ষতিপূৰণ হিচাপে ২০ হেজাৰ টকা প্ৰদানৰ দাবী জনাইছে যৌথ সংগ্ৰামী মঞ্চই । তিনিদিনৰ ভিতৰত অ’এন জি চিয়ে নিজৰ স্থিতি স্পষ্ট নকৰিলে অ’এন জি চিৰ সকলো কাম কাজ বন্ধ তথা অচল কৰি দিয়াৰ হুংকাৰ যৌথ সংগ্ৰামী মঞ্চৰ ।

লগতে পঢ়ক : Protest against ONGC: নাজিৰাত ONGCৰ বিৰুদ্ধে বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.