Child Murder in Dibrugarh: ডিব্ৰুগড়ত অপহৃত শিশুৰ হত্যাৰ ন্যায় বিচাৰি উত্তাল প্ৰতিবাদ

By

Published : Feb 3, 2023, 8:14 PM IST

Updated : Feb 3, 2023, 8:40 PM IST

thumbnail

ডিব্ৰুগড়, 3 ফেব্ৰুৱাৰী: লাজ লগাকৈ ব্যৰ্থ হ’ল ডিব্ৰুগড় আৰক্ষী ৷ ডিব্ৰুগড়ত অপহৃত শিশুৰ হত্যাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতি ৷ ন্যায় বিচাৰি আৰু হত্যাকাৰীক কঠোৰ শাস্তি প্ৰদানৰ দাবীৰে শতাধিক ৰাইজৰ 37 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি প্ৰতিবাদ ৷ ডিব্ৰুগড় আৰক্ষীৰ ভূমিকাক ধিক্কাৰ প্ৰতিবাদী ৰাইজৰ(Kidnapped child murdered in Dibrugarh) ৷  

উল্লেখ্য যে, ডিব্ৰুগড়ৰ মালিপট্টিৰ পৰা 30 জানুৱাৰীত অপহৃত হৈছিল তপন বাইলুং নামৰ এটি চাৰি বছৰীয়া শিশু(Child kidnapped in Dibrugarh) ৷ শিশুটিক অপহৰণ কৰা সমগ্ৰ দৃশ্য বন্দী হৈছিল এখন দোকানৰ CCTV কেমেৰাত ৷ ইয়াৰ পিচতেই শিশুটিৰ পিতৃ ৰঞ্জিৎ বাইলুঙে সদৰ থানাত এজাহাৰ দাখিল কৰাৰ লগতে CCTVত দেখা পোৱা সুৰজ কৰ্মকাৰ নামৰ এজন যুৱকক আটক কৰি ৰাইজেই গতাই দিছিল আৰক্ষীক ৷  

কিন্তু ইয়াৰ পাচতো শিশুটিক বিচাৰি উলিয়াবলৈ সক্ষম নহ’ল ডিব্ৰুগড়ৰ শ্বেতাংক মিশ্ৰ বাহিনী(Dibrugarh SP Shwetank Mishra) ৷ ডিব্ৰুগড় ভ্ৰমণলৈ যোৱা মুখ্যমন্ত্ৰীৰ কাৰ্যসূচীত ব্যস্ত হৈ থকাৰ অজুহাত দেখুৱাই শিশুটিৰ অপহৰণৰ ঘটনাক গুৰুত্বই নিদিলে ডিব্ৰুগড় আৰক্ষীয়ে । শিশুটিক বিচৰাৰ নামত তিনিদিনে কেৱল চলিল ভেকো-ভাওনা আৰু অৱশেষত দুৰ্ভাগ্যজনকভাৱে শিশুটিৰ মৃতদেহ শুকুৰবাৰে উদ্ধাৰ হ’ল আৰক্ষী অধীক্ষকৰ বাসগৃহৰ কিছু নিলগত থকা এটা পৰিত্যক্ত গৃহত ৷ পুৱাই শিশুটিৰ মৃতদেহ উদ্ধাৰ কৰাৰ পাচতেই ক্ষোভত ফাটি পৰে অভিভাৱকৰ লগতে স্থানীয় ৰাইজ ৷  

শুকুৰবাৰে সন্ধিয়া ন্যায়ৰ দাবীৰে শতাধিক লোকে কেইবাঘণ্টা ধৰি পথ অৱৰোধ কৰি সাব্যস্ত কৰে প্ৰতিবাদ ৷ অপহৰণকাৰীক শাস্তি প্ৰদান নকৰা পৰ্যন্ত প্ৰতিবাদী কাৰ্যসূচী অব্যাহত ৰখাৰো হুংকাৰ দিয়ে ৰাইজে(Protest against child murder in Dibrugarh) ৷ ডিব্ৰুগড় আৰক্ষীৰ এনে সোপাঢিলা স্থিতিক লৈ জিলাখনত সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ ৷ কিন্তু ইমানৰ পাচতো এতিয়া ন্যায় লাভ কৰিবনে দুৰ্ভগীয়া পৰিয়ালটোৱে সেয়াহে লক্ষণীয় বিষয় ৷ 

VIP, VVIPৰ নিৰাপত্তাৰ পাচত দৌৰা আৰক্ষীৰ যে সাধাৰণ জনতাৰ সমস্যাৰ প্ৰতি কোনো ভ্ৰুক্ষেপেই সেই কথাকে পুনৰ প্ৰমাণ কৰিলে ডিব্ৰুগড় আৰক্ষীয়ে ৷ যি ডিব্ৰুগড় আৰক্ষীয়ে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত কিছুদিন পূৰ্বে দুলীয়াজানৰ পৰা অপহৃত এগৰাকী ছাত্ৰীক একে নিশাই বিচাৰি উলিয়াইছিল সেই ডিব্ৰুগড় আৰক্ষীৰ এক বিপৰীত চৰিত্ৰ পোহৰলৈ আনিলে এই ঘটনাই ৷ 

লগতে পঢ়ক: Child kidnapping in Dibrugarh: ডিব্ৰুগড়ত 4 বছৰীয়া শিশুক অপহৰণ দুৰ্বৃত্তৰ

Last Updated : Feb 3, 2023, 8:40 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.