Dhubri fire incident: ঈদৰ পূৰ্বে ভয়ংকৰ অগ্নিকাণ্ডই ছাৰখাৰ কৰিলে এটা পৰিয়ালৰ জীৱন

By

Published : Apr 17, 2023, 8:42 PM IST

thumbnail

ধুবুৰী, 17 এপ্ৰিল : ধুবুৰীত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড ৷ দেওবাৰে নিশা এখন কাপোৰৰ দোকানত এই অগ্নিকাণ্ড সংঘটিত হোৱাৰ ফলত কেইবালাখ টকাৰ সা-সম্পত্তি সম্পূৰ্ণৰূপে ভস্মীভূত হয় । ধুবুৰী চহৰৰ ১১ নং ৱাৰ্ড বাহাদুৰটাৰী অঞ্চলত সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা (Dhubri fire incident) ।

এখন কাপোৰৰ দোকান সম্পূৰ্ণৰূপে ভস্মীভূত হৈ যায় । কেইবা লক্ষাধিক টকাৰ কাপোৰ সহ বহু সামগ্ৰী ভস্মীভূত হয় । উল্লেখ্য যে, ধুবুৰীৰ ফলিমাৰী পঞ্চায়তৰ ডুবাইচৰ গাঁৱৰ ব্যৱসায়ী ছাজাহান আলীয়ে আন দিনাৰ দৰেই দেওবাৰৰ দিনা সন্ধিয়াৰ ভাগত দোকান বন্ধ কৰি ঘৰলৈ যায় । কিন্তু নিশা প্ৰায় দহ মান বজাত হঠাৎ দোকানৰ পৰা ধোঁৱা ওলাই থকা প্ৰত্যক্ষ কৰি চিঞৰ বাখৰ আৰম্ভ কৰে স্থানীয় ৰাইজে । লগে লগে ধুবুৰী অগ্নিনিৰ্বাপক বাহিনীক খবৰ দিয়া হয় ৷ অগ্নিনিৰ্বাপক বাহিনীয়ে দুখনকৈ গাড়ীৰে ৰাইজৰ সহযোগত নিৰ্বাপিত কৰে জুই ।

কিন্তু লক্ষণীয় বিষয় যে, বন্ধ হৈ থকা কাপোৰৰ দোকানত সংঘটিত হোৱা অগ্নিকাণ্ডৰ কাৰণ এতিয়াও পোহৰলৈ অহা নাই । বৈদ্যুতিক চৰ্ট চাৰ্কিটৰ ফলত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱা আশংকা কৰিছে স্থানীয় ৰাইজে । জানিব পৰা মতে ধুবুৰীৰ ফলিমাৰী ডুবাইচৰ অঞ্চলৰ ছাজাহান আলীয়ে ঈদ উপলক্ষে কেইবা লক্ষাধিক টকাৰ কাপোৰ মজুত কৰিছিল নিজৰ দোকানত (Fire broke out in Dhubri) । 

ঈদৰ প্ৰাক ক্ষণত ব্যৱসায়িক প্ৰতিষ্ঠানখন আৰু কেইবালক্ষাধিক টকাৰ কাপোৰ জুইত জাহ যোৱাত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে ব্যৱসায়ী পৰিয়ালটোত । অগ্নিকাণ্ডই সকলো পুৰি চাই কৰি পেলোৱাত মূৰে কপালে হাত দিবলগীয়া হৈছে ব্যৱসায়ী জনে (Dhubri fire) । অৱশ্যে সময়মতে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিৰ্বাপিত কৰাৰ ফলত দৈব্যক্ৰমে ৰক্ষা পৰে অঞ্চলটোৰ বহু কেইখন ব্যৱসায়িক প্ৰতিষ্ঠান । লক্ষণীয় বিষয় যে, উক্ত অঞ্চলটোত প্ৰায় তিনি শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান আছে ।

লগতে পঢ়ক : Accidents in Nalbari : নলবাৰীৰ ৰাজপথত ড্ৰাগছ সৰবৰাহকাৰীৰ উদ্ভণ্ডালি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.