Top level hospital in Jakhalabandha: জখলাবন্ধাত নিৰ্মাণ হ'ব ১৫০ খন বিচনাযুক্ত অত্যাধুনিক চিকিৎসালয়

By

Published : Mar 4, 2023, 11:54 AM IST

thumbnail

কলিয়াবৰ, ৪ মাৰ্চ: নগাঁও জিলাৰ কলিয়াবৰৰ জখলাবন্ধাত অতি শীঘ্ৰেই ১৫০খন বিচনাযুক্ত এখন চিকিৎসালয় নিৰ্মাণ কৰা হ'ব (Top level hospital in Jakhalabandha)। এই চিকিৎসালয়খনৰ নিৰ্মাণৰ প্ৰস্তুতি সম্পৰ্কে ঘোষণা কৰিছে স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্তই । শুক্ৰবাৰে স্বাস্থ‍্য মন্ত্ৰী কেশৱ মহন্তই কলিয়াবৰত এই বিষয়ে ঘোষণা কৰি কয় যে এই নিৰ্মাণ কাৰ্যৰ যাৱতীয় কাম-কাজ সম্পূৰ্ণ হৈছে (Health Minister Keshab Mahanta)।

শুকুৰবাৰে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়ত উপস্থিত হৈ মন্ত্ৰীগৰাকীয়ে নতুনকৈ নিৰ্মাণ হ’ব লগা চিকিৎসালয় আৰু প্ৰশাসনিক ভৱনটো নিৰ্মাণৰ বাবে নিৰ্ধাৰিত কৰা ভূমি পৰিদৰ্শন কৰে (Kaliabor Sub Divisional Civil Hospital) ৷ কলিয়াবৰৰ লগতে দাঁতিকাষৰীয়া ৰাইজৰ সুবিধাৰ্থে জখলাবন্ধাত ১৫০ খন বিচনাযুক্ত উচ্চ পৰ্যায়ৰ এই নতুন চিকিৎসালয়খন নিৰ্মাণৰ বাবে স্বাস্থ্য বিভাগে প্ৰস্তুতি চলাইছে (Process to build a 150 bed top level hospital) ৷ এই চিকিৎসালয়খন নিৰ্মাণৰ বাবে বিধিগত প্ৰক্ৰিয়াৰে ইতিমধ্যে নিবিদা আহ্বান কৰা হৈছে বুলি কয় স্বাস্থ‍্য মন্ত্ৰীগৰাকীয়ে ।

তেওঁ পুনৰ কয় যে খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ বাবে অত্যাধুনিক প্ৰশাসনিক ভৱনো নিৰ্মাণ কৰা হ'ব (New Hospital at Kaliabor with 150 Beds) ৷ নিৰ্মাণ কাৰ্যৰ যাৱতীয় কাম-কাজ সম্পূৰ্ণ হোৱা বাবে নিৰ্মাণৰ পথো প্ৰশস্ত হোৱা বুলি তেওঁ কয় । ইয়াৰ লগতে কলিয়াবৰ মহকুমা অসামৰিক চিকিৎসালয়খনৰ পৰিচালনা ব্যৱস্থাপনা আৰু অভাৱ-অভিযোগসমূহৰ বিষয়েও মন্ত্ৰীগৰাকীয়ে বুজ লয় ৷  

লগতে পঢ়ক:Rise of BJP : কংগ্ৰেছী তথা আঞ্চলিক দলৰ নেতাৰ কান্ধত উঠি কেনেকৈ উত্তৰ-পূবত খোপনি ল’লে বিজেপিয়ে ?

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.