Rana Goswami in Tinsukia : ছিণ্ডিকেটত ৰজাঘৰীয়া জড়িত থকাৰ সন্দেহ ৰাণা গোস্বামীৰ

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 7:54 PM IST

Updated : Oct 16, 2023, 8:44 PM IST

thumbnail

তিনিচুকীয়া, ১৬ অক্টোবৰ : তিনিচুকীয়াৰ কংগ্ৰেছ ভৱনত অসম প্ৰদেশ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামীৰ সংবাদমেল ৷ সংবাদমেলৰ জৰিয়তে মাৰ্ঘেৰিটাত অবাধ হাৰত বনাঞ্চল ধ্বংস আৰু বহিঃৰাজ্যৰ ব্যৱসায়ীৰ পৰা মাৰ্ঘেৰিটাত উদ্যোগ কাঢ়ি বে-আইনী ভাৱে হস্তগত কৰি দাবী-ধমকিৰে খেদি পঠিওৱা বিজেপি নেতাৰ ওপৰত তদন্ত কৰি উচিত শাস্তিৰ দাবী উত্থাপন কৰে কংগ্ৰেছ নেতাজনে ৷

লগতে সম্পূৰ্ণ তথ্যভিত্তিক মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ লগতে সহায়ক দলীয় কৰ্মীৰ বিৰুদ্ধে অভিযোগ দিয়াৰ পাছতো তদন্ত ঘোষণা কৰাৰ বিপৰীতে মুখ্যমন্ত্ৰীগৰাকীয়ে টুলুঙা মন্তব্য কৰি দায় সাৰিছে বুলি মন্তব্য কৰে প্ৰদেশ কংগ্ৰেছৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে ৷ তেওঁ কয় যে, মুখ্যমন্ত্ৰীৰ এই কাৰ্যই প্ৰমাণ কৰিছে যে মাৰ্ঘেৰিটাত চলি থকা দুৰ্নীতিৰ অভিযোগ সত্য ৷

সংবাদমেলত প্ৰদেশ কংগ্ৰেছ কমিটিৰ কাৰ্যকৰী সভাপতি ৰাণা গোস্বামী, জিলা কংগ্ৰেছৰ সভাপতি প্ৰণৱ বৰুৱা, মহিলা কংগ্ৰেছৰ শোভা দত্তৰ লগতে কেইবাগৰাকীও জ্যেষ্ঠ কংগ্ৰেছ কৰ্মী উপস্থিত থাকে ৷

লগতে পঢ়ক : Microfinance Loan Relief Assam : মুখ্যমন্ত্ৰীয়ে হাত দাঙিলে, মাইক্ৰ'ফাইনেন্সৰ ঋণ নল'বলৈ আহ্বান মহিলাসকলক

Last Updated : Oct 16, 2023, 8:44 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.