Rahul Gandhi Disqualification: ডিব্ৰুগড়ত প্ৰদেশ কংগ্ৰেছৰ সংবাদমেল

By

Published : Apr 1, 2023, 10:19 PM IST

thumbnail

মৰাণ, ১ এপ্ৰিল : ডিব্ৰুগড়ত কংগ্ৰেছৰ ৰাজীৱ ভৱনত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ আৰু প্ৰদেশ কংগ্ৰেছৰ সহকাৰী তত্বাৱধায়ক বিকাশ উপাধ্যায়ে এক সংবাদমেল সম্বোধন কৰে(Press conference of Congress at Dibrugarh)। কংগ্ৰেছৰ যুৱৰাজ ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজ সন্দৰ্ভত সংবাদমেল সম্বোধন কৰে  প্ৰদেশ কংগ্ৰেছে।  প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰ বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে ৰাহুল গান্ধীৰ সাংসদ পদ খাৰিজে দেশৰ গণতন্ত্ৰ আৰু সংবিধানৰ বাবে বিপদজনক বুলি মন্তব্য কৰে ।

প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী পৱনসিং ঘাটোৱাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰে বিৰোধীৰ মুখ বন্ধ কৰাৰ ষড়যন্ত্ৰ বুলি সমালোচনা কৰে । তদুপৰি আদানীৰ দৰে পুঁজিপতিৰ পক্ষত থকা মোডী চৰকাৰে দেশৰ গণতন্ত্ৰক নিঃশেষ কৰাৰ প্ৰচেষ্টা চলোৱা বুলিও তেওঁ অভিযোগ কৰে । যদিহে আদানীৰ সৈতে মোডীৰ সম্পৰ্ক নাই তেনেহ'লে কেন্দ্ৰীয় চৰকাৰে যুটীয়া সংসদীয় সমিতি গঠন কৰাত ভয় কিহৰ বুলি তেওঁ প্ৰশ্ন উত্থাপন কৰে । ৰাহুল গান্ধীয়ে সমগ্ৰ ভাৰততে চলোৱা ভাৰত জোড়ো যাত্ৰাৰ পিছতে বিজেপি শংকিত হৈ পৰা বুলি উল্লেখ কৰি ইতিমধ্যে এই যাত্ৰাত দেশৰ জনতাৰ সঁহাৰি লাভ কৰা বুলিও তেওঁ মন্তব্য কৰে।

লগতে পঢ়ক:Assam Border dispute: চুবুৰীয়া চাৰি ৰাজ্যৰ দখলত অসমৰ ৮২,৭৫২ হেক্টৰ ভূমি

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.