President Draupadi Murmu visited Odisha: 2 কিলোমিটাৰ পদযাত্ৰাৰে পুৰীৰ জগন্নাথ দৰ্শন ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

By

Published : Nov 11, 2022, 8:01 AM IST

Updated : Feb 3, 2023, 8:32 PM IST

thumbnail

ৰাষ্ট্ৰপতি পদৰ দায়িত্বভাৰ গ্ৰহণৰ পিছতেই মাতৃভূমি ওডিশাত উপস্থিত হৈছে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ( President Draupadi Murmu visted Odisha)৷ বৃহস্পতিবাৰে সাধাৰণ ভক্তৰ দৰেই 2 কিলোমিটাৰ পদযাত্ৰাৰে পুৰীৰ (President Murmu walks 2 km) জগন্নাথ মন্দিৰ দৰ্শন কৰে ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ জগন্নাথ মন্দিৰ পৰিদৰ্শনৰ সময়ত মুৰ্মুয়ে পুৰী গ্ৰেণ্ড ৰোডত খোজ কাঢ়ি থকাৰ এটা ভিডিঅ'ই ব্যাপকভাৱে চৰ্চা লাভ কৰিছে ৷ খোজ কাঢ়ি আহি থকাৰ সময়ত ভাৰত মাতা কী জয় ধ্বনিৰে ওডিশাবাসীয়ে সম্ভাষণ জনায় ৰাষ্ট্ৰপতিগৰাকীক ৷ মুৰ্মুৰ লগত এই যাত্ৰাত তেওঁৰ জীয়াৰীৰ উপৰিও কেন্দ্ৰীয় মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, বিজেপি নেতা সম্বিত পাত্ৰ আৰু জ্যেষ্ঠ বিষয়াসকলে যোগদান কৰে ৷ ৰাষ্ট্ৰপতিগৰাকীক কাষতে পাই আনন্দিত হৈ পৰে ওডিশাবাসী ৷

Last Updated : Feb 3, 2023, 8:32 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.