NHPC Big dam: অসমক ক্ষতি কৰিব পৰা কাৰ্যত সহযোগ নকৰে অসম সাহিত্য সভাই: ড৹ সূৰ্যকান্ত হাজৰিকা

By ETV Bharat Assamese Team

Published : Nov 4, 2023, 10:05 PM IST

thumbnail

ধেমাজি, 4 নৱেম্বৰ : নামনি সোৱণশিৰি জল বিদ্যুৎ প্ৰকল্প সন্দৰ্ভত প্ৰতিক্ৰিয়া অসম সাহিত্য সভাৰ সভাপতি ড৹ সূৰ্যকান্ত হাজৰিকাৰ ৷ তেওঁ কয়, ‘‘ এই সমস্যা কেৱল ধেমাজিৰ সমস্যা নহয় ৷ ধেমাজিৰ সমস্যা মানে অসমৰ সমস্যা ৷ ৰাজনৈতিক আৰু সামাজিকভাৱে এই সমস্যাক সকলোৱে স্বীকাৰ কৰিব লাগিব ৷ যিহেতুকে সমস্যাটো বৈজ্ঞানিক ভিত্তিতহে সমাধান হ’ব ৷ সেয়ে ৰাইজে বৈজ্ঞানিক দৃষ্টিভংগীৰ প্ৰতিহে গুৰুত্ব দিব লাগে ৷’’

বহু বিতৰ্কিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক লৈ উদ্বিগ্নতা প্ৰকাশ কৰি অসম সাহিত্য সভাৰ সভাপতি হাজৰিকাই কয়, ‘‘ বৈজ্ঞানিক পদ্ধতিৰে সমস্যাটো সমাধান কৰিবলৈ অভিজ্ঞজনৰ সৈতে আলোচনা কৰাৰ প্ৰয়োজন ৷ বিজ্ঞানীসকলে যি কয় সেই দিশত আগবাঢ়িব লাগে ৷ অসমক ক্ষতি কৰিব পৰা কোনো কাৰ্যক আমি সহযোগ নকৰো ৷’’ শনিবাৰে ধেমাজিত উপস্থিত হৈ এই মন্তব্য কৰে অসম সাহিত্য সভাৰ সভাপতি হাজৰিকাই ৷

লগতে পঢ়ক;TMC Protest: "সোৱণশিৰি বচাওঁক অসম বচাওঁক" অভিযানত প্ৰশাসনৰ বাধা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.