পঞ্চম মেঘালয় গেমছ উদ্বোধন কৰিব ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 9:33 PM IST

thumbnail

বকো, 14 জানুৱাৰী: মেঘালয়ৰ গাৰো পাহাৰৰ তুৰাত ১৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব পঞ্চম মেঘালয় গেমছ । এই গেমছৰ শুভ উদ্বোধন কৰিব ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৱে ।

উল্লেখযোগ্য যে, মেঘালয়ৰ গাৰো পাহাৰ জিলাৰ অন্তৰ্গত তুৰাত পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ ৰাষ্ট্ৰপতি উপস্থিত হ’ব । শুভ উদ্বোধনৰ বাবে প্ৰস্তুতি চলাই থকা হৈছে পূৰ্ণগতিত । তুৰাস্থিত পি. এ. চাংমা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব শুভ উদ্বোধনৰ কাৰ্যসূচী । উদ্বোধনী অনুষ্ঠানত প্ৰায় ৩০০ শিল্পীয়ে পৰিৱেশন কৰিব মেঘালয়ৰ পৰম্পৰাগত গাৰো, জয়ন্তীয়া আৰু খাছী নৃত্যৰ লগতে আগবঢ়াব গীতৰ শৰাই ।

শুভ উদ্বোধন কাৰ্যসূচীত উপস্থিত থাকিব মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমা আৰু মেঘালয়ৰ ৰাজ্যপাল ফাগু চৌহানসহ বহুকেইগৰাকী অতিথি । পঞ্চম মেঘালয় গেমছত অংশগ্ৰহণ কৰিবলৈ ইতিমধ্যে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পৰা প্ৰায় ৩০০০ খেলুৱৈ উপস্থিত হৈছে ।

উল্লেখযোগ্য যে, প্ৰায় ২০ টা শিতানত খেলসমূহ অনুষ্ঠিত হ’ব ৷ য'ত মেঘালয়ৰ পৰম্পৰাগত খেলো অন্তৰ্ভুক্ত কৰা হৈছে । আনহাতে মেঘালয়ৰ তুৰাত পোন প্ৰথমবাৰৰ বাবে বক্সিং খেল অনুষ্ঠিত কৰা হৈছে ।

লগতে পঢ়ক: বিটিআৰৰ খেলুৱৈৰ উত্তৰণৰ বাবে বিটিচি প্ৰশাসনে গ্ৰহণ কৰিছে পদক্ষেপ: প্ৰমোদ বড়ো

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.