Golden Jubilee of Sarupathar College:সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি অব্যাহত

By ETV Bharat Assamese Team

Published : Oct 31, 2023, 12:10 PM IST

thumbnail

সৰুপথাৰ, 31 অক্টোবৰ : সুপ্ৰাচীন দৈয়াং-ধনশিৰি উপত্যকাৰ বৌদ্ধিক আন্দোলনক নেতৃত্ব দিয়া সৰুপথাৰ মহাবিদ্যালয়ৰ স্বৰ্ণজয়ন্তী সামৰণী অনুষ্ঠানলৈ আৰু মাত্ৰ কেইটামান দিন৷ সাজু হৈছে মহাবিদ্যালয়ৰ পৰিয়ালবৰ্গ । সৰুপথাৰ মহাবিদ্যালয়ৰ সোণালী জয়ন্তী বৰ্ষত সমগ্ৰ ধনশিৰিবাসীৰ উচ্চশিক্ষাৰ ক’মাৰশালখনক নৱৰূপত সজাই তুলিবলৈ অহোপুৰুষাৰ্থ প্ৰচেষ্টা অব্যাহত ৰাখিছে মহাবিদ্যালয় পৰিয়ালবৰ্গই ৷ ৫২ টা বৰ্ষ অতিক্ৰম কৰা শিক্ষানুষ্ঠানখনে "স্বৰ্ণগাথা" নামেৰে সোণালী জয়ন্তী বৰ্ষ উদযাপন কৰিছে ।

২০২২ চনৰ ১৪ নৱেম্বৰৰ পৰা সোণালী জয়ন্তীৰ বৰ্ষজোৰা কাৰ্যসূচী গ্ৰহণ কৰিছে মহাবিদ্যালয় পৰিয়ালবৰ্গই  । অহা ৩, ৪ আৰু ৫ নৱেম্বৰত হ’বলগীয়া সোণালী জয়ন্তী বৰ্ষৰ সামৰণি অনুষ্ঠানৰ প্ৰস্তুতি অব্যাহত আছে । বৰ্ণাঢ্য কাৰ্যসূচীৰে সৰুপথাৰ মহাবিদ্যালয়ত তিনিদিনীয়াকৈ অনুষ্ঠিত হ’বলগীয়া এই অনুষ্ঠানত উপস্থিত থাকিব অসমৰ ৰাজ্যপাল গোলাব চান্দ কাটাৰীয়া, মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, বিধান সভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰী, ভাৰত চৰকাৰৰ কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজু , ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছাৰ লগতে আন কেইবাগৰাকী মন্ত্ৰী আৰু বিশিষ্ট ব্যক্তি ।

লগতে পঢ়ক : Golden Jubilee of Sarupathar College: সৰুপথাৰ মহাবিদ্যালয় স্বৰ্ণজয়ন্তী অনুষ্ঠানৰ লাইখুঁটা স্থাপন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.