Vishwakarma Puja: আহি পালে বিশ্ব খনিকৰৰ পূজা; নগাঁৱত বিশ্বকৰ্মা পূজাৰ প্ৰস্তুতি তুংগত

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 1:52 PM IST

Updated : Sep 16, 2023, 5:50 PM IST

thumbnail

নগাঁও,১৬ ছেপ্টেম্বৰ: চমু চাপিছে সময়, বাঢ়িছে ভীষণ ব্যস্ততা । বিশ্ব খনিকৰৰ বন্দনাৰে মুখৰিত হ'ব ৰাজ্য । বিশ্বকৰ্মা পূজালৈ মাজত মাত্ৰ এটা দিন । আৰু মাত্ৰ এটা দিন পিছতেই সমগ্ৰ ৰাজ্যতে উলহ-মালহৰে উদযাপন কৰা হ'ব বিশ্ব খনিকৰ বিশ্বকৰ্মা পূজা । বিশ্বকৰ্মা পূজালৈ এটা দিন বাকী থকা অৱস্থাত অধিক ব্যস্ত হৈ পৰিছে মৃণ্ময় শিল্পীসকল । নগাঁৱৰ ৮০ বছৰীয়া পুৰণি এক শিল্পালয়ত ব্যস্ততাৰ অন্ত নোহোৱা হৈছে মৃণ্ময় শিল্পীসকলৰ । 

এই শিল্পালয়টোত ইতিমধ্যে এশৰো অধিক বিশ্বকৰ্মাৰ প্ৰতিমা নিৰ্মাণ প্ৰায় সম্পূৰ্ণ কৰি তোলা হৈছে । লগতে বিশ্বকৰ্মাৰ পূজাৰ পিছতেই আছে গণেশ চতুৰ্থী । গণেশ চতুৰ্থীৰ বাবেও শিল্পালয়খনত নিৰ্মাণ কৰি তোলা হৈছে কেবাটাও গণেশৰ প্ৰতিমা । বিগত সময়ত ক'ভিডসৃষ্ট পৰিৱেশৰ বাবে দেশজুৰি জাৰি কৰা লকডাউনৰ সময়ত যথেষ্ট লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছিল শিল্পালয়ৰ স্বত্বাধিকাৰীৰ লগতে মৃণ্ময় শিল্পীসকলো । যাৰ বাবে চৰকাৰৰ পৰা কিছু সহায়ৰ আশাত বন্দী শিল্পালয়সমূহৰ স্বত্বাধিকাৰীসকল ।

লগতে পঢ়ক: Rituals of Bishwakarma Puja : এইবৰ্ষ বিশ্বকৰ্মা পূজা কিয় ১৮ ছেপ্টেম্বৰত পালন কৰা হ’ব ?

Last Updated : Sep 16, 2023, 5:50 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.