Diwali 2023 in Moran: কালী পূজাৰ বাবে সাজু হিংৰীজান চাহ বাগিচা

By ETV Bharat Assamese Team

Published : Nov 10, 2023, 8:50 PM IST

thumbnail

মৰাণ, ১০ নৱেম্বৰ : পোহৰৰ উৎসৱ দীপাৱলী আৰু কালী পূজালৈ মাজত মাথো দুদিন বাকী । সমগ্ৰ দেশবাসী এতিয়া ব্যস্ত হৈ পৰিছে দীপাৱলীৰ লগতে কালীৰ পূজাৰ বাবে । ব্যতিক্ৰম নহয় চৰাইদেউ জিলাৰ মৰাণো । চাহ বাগিচাত অধ্যুষিত মৰাণৰ হিংৰীজান চাহ বাগিচাৰ সাৰ্বজনীন শ্ৰীশ্ৰী কালী পূজাই এইবাৰ ৯০ বৰ্ষত পদাৰ্পন কৰিছে । ভক্তক আদৰিবলৈ প্ৰস্তুতি তুংগত তুলিছে পূজা সমিতিয়ে ।  

অহা ১২ নৱেম্বৰৰ পৰা চাৰিদিনীয়াকৈ উদযাপন কৰিবলগীয়া এই ঐতিহাসিক শ্ৰীশ্ৰী কালী পূজাত ৰাজ্যৰ লাখ লাখ ভক্তক আদৰিবলৈ সম্পূৰ্ণ সাজু হৈছে আয়োজক সমিতি । কোনোধৰণৰ যাতে অপায় অমঙ্গল নহয় তাৰ বাবে উদযাপন সমিতিয়ে ব্য়ৱস্থা কৰিছে । চাৰিটা দিনত বিভিন্ন কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব লগা এই পূজাত আটাইকেইদিনে  প্ৰদৰ্শন কৰা হ'ব চিনেমা ।  

লগতে পঢ়ক:Marigold flower cultivation Tinsukia : বহিঃৰাজ্যৰ নাৰ্জী ফুলক প্ৰত্যাহ্বান জনাবলৈ সাজু তিনিচুকীয়াৰ খেতিয়ক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.