ধেমাজিত অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভাৰ লাইখুটা স্থাপন

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 6:37 PM IST

thumbnail

ধেমাজি, 14 ডিচেম্বৰ : সদৌ অসম অনুসূচিত জাতি যুৱ-ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় বাৰ্ষিক সাধাৰণ সভা 22 আৰু 23 ডিচেম্বৰত ধেমাজি জিলাৰ বৰদলনিৰ আউনীআটী ৰাধিকা ক্ষেত্ৰত বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব ৷ এক আড়ম্বপূৰ্ণ অনুষ্ঠানৰ মাজেৰে বৃহস্পতিবাৰে এই অধিৱেশনৰ লাইখুটা স্থাপন অনুষ্ঠান সম্পন্ন হয় ৷

লাইখুটা স্থাপন অনুষ্ঠানৰ পিছতে সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি ৰুবুল দাসে এই অধিৱেশনতে আগন্তুক দিনৰ বাবে সংগঠনটোৰ কৰ্মসূচী প্ৰস্তুত কৰা হ’ব বুলি উল্লেখ কৰে ৷ তেওঁ কয় যে, দীৰ্ঘদিন ধৰি জনগোষ্ঠীটোক চৰকাৰে প্ৰতাৰণা কৰি আহিছে ৷ প্ৰাপ্যৰ বাবে আন্দোলন কৰি অহা সত্বেও চৰকাৰে এইক্ষেত্ৰত তিলমানো গুৰুত্ব নিদিয়া বুলি উল্লেখ কৰে তেওঁ ৷

এই অধিৱেশনতে জনগোষ্ঠীয় সমস্যাৰাজি আৰু প্ৰাপ্যৰ ওপৰত গুৰুত্ব সহকাৰে আলোচনা কৰা হ’ব বুলি মন্তব্য কৰে দাসে ৷ বিভিন্ন জাতি-জনগোষ্ঠী আৰু বিশিষ্ট ব্যক্তি, শিল্পী আদিৰ উপস্থিতিত হ’বলগীয়া এই অধিৱেশনত সকলো ৰাইজৰ সহযোগিতা কামনা কৰিছে উদযাপন সমিতিয়ে ৷ 

লগতে পঢ়ক : জ্যেষ্ঠ নাগৰিকৰ মনোবল বৃদ্ধিৰ উদ্দেশ্য ৪৫০ কি.মি. পদযাত্ৰা বিপিন খনিকৰৰ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.