Raas mahotsav 2023: ৰাসৰ আখৰা, মুখৰিত মাজুলীৰ আকাশ-বতাহ

By ETV Bharat Assamese Team

Published : Nov 15, 2023, 4:04 PM IST

thumbnail

মাজুলী, 15 নৱেম্বৰ : ৰাস পূৰ্ণিমালৈ সাজু মাজুলীৰ প্ৰায় অৰ্ধ শতাধিক ৰংঘৰ আৰু ১২ খন সত্ৰ ৷ আৰম্ভ হ’ল শ্ৰীকৃষ্ণৰ ৰাসলীলাৰ আখৰা ৷ অক, বক, কেশী, পুতনা, কংসক বধিবলৈ সাজু মাজুলীৰ শিল্পী ৷ বাঁহীৰ মধুৰ গুঞ্জনেৰে মুখৰিত মাজুলীৰ আকাশ-বতাহ ৷

মাজত মাথো কেইটামান দিন মাজুলীৰ গৌৰৱ ৰাস মহোৎসৱলৈ । ৰাস বুলিলেই পোন প্ৰথমে মাজুলীৰ ছবিখনেই চকুলৈ ভাঁহি আহে কিয়নো মাজুলীৰ লগত আছে ৰাসৰ এৰাব নোৱৰা সম্পৰ্ক । বান বাৰিষাৰ দুখ-দুৰ্ভাৱনা পাহৰি এতিয়া মাজুলীৰ সকলো ব্যস্ত শাৰদীয় ৰাস উৎসৱত । খোল-তাল বাঁহীৰ সুৰৰ লগতে ৰাস গীতৰ মধুৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে মাজুলীৰ আকাশ-বতাহ ।

মাজুলীত এতিয়া উৎসৱৰ বতৰ, আগমন ঘটিছে বহু দেশী-বিদেশী পৰ্যটকৰ । মাজুলীত পালন কৰা উৎসৱসমূহৰ ভিতৰত প্ৰধান উৎসৱেই হৈছে এই ৰাস মহোৎসৱ । ৰাস উদযাপনৰ বাবে সাজু হৈ উঠিছে মাজুলীৰ সত্ৰসূমহৰ উপৰিও ৰংগমঞ্চসমূহ । বৃন্দাবন গীত নৃত্যৰ আখৰা, শিশু কৃষ্ণৰ জন্মলীলাৰ লগতে সম্পূৰ্ণ মহাৰাসৰ আখৰা চলিছে এতিয়া । লক্ষ্মী পূৰ্ণিমাৰ দিনা মাজুলীত ৰাসৰ নাটক মেলা আৰম্ভ হ’ব । ১২ খন সত্ৰৰ লগতে অৰ্ধশতাধিক মঞ্চত অনুষ্ঠিত হ’ব ৰাস । এয়া চাওক অসমৰ সত্ৰীয়া সংস্কৃতিৰ বৰঘৰ স্বৰূপ মাজুলীৰ বনগাঁও ৰংঘৰৰ দৃশ্য-

লগতে পঢ়ক : Raas mahotsav:পদূলিমুখত ৰাস; উদুলি-মুদুলি গোলাঘাট

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.