Pradeep Dutta Roy: বাংলা ভাষাক সহযোগী ভাষাৰ স্বীকৃতি দিয়াৰ পোষকতা প্ৰদীপ দত্ত ৰয়ৰ

By

Published : Apr 7, 2023, 8:35 PM IST

thumbnail

কাছাৰ, 7 এপ্ৰিল : বাংলা ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়াৰ প্ৰশ্নত বিধানসভাত বৰাকৰ বিজেপি বিধায়কৰ ভূমিকা অতিকে নিন্দনীয় বুলি মন্তব্য কৰিছে বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ে । বিডিএফে বিধায়ক কমলাক্ষ দে’ পুৰকায়স্থৰ এই দাবীত পূৰ্ণ সমৰ্থন প্ৰকাশ কৰিছে । উত্তৰ কৰিমগঞ্জৰ বিধায়ক কমলাক্ষ্য দে’ পুৰকায়স্থই ৰাজ্যৰ ৩০ শতাংশ জনসাধাৰণৰ মাতৃভাষা বাংলাক চৰকাৰী অংশীদাৰ হিচাপে স্বীকৃতি দিয়াৰ বাবে বিধানসভাত আবেদন জনায় (recognition of bengali language as a govt partner) । 

কিন্তু তেওঁক প্ৰত্যক্ষ উত্তৰ নিদিয়াকৈ যিদৰে বিষয়টো ঘূৰাই দিয়া হৈছে আৰু বৰাকৰ বিধায়কসকলে যিদৰে ইয়াৰ বিৰুদ্ধে মাত মাতিছে, এই কথাক কঠোৰ ভাষাৰে সমালোচনা কৰিছে প্ৰদীপ দত্ত ৰয়ে (BDF chief convener Pradip Dutta) ৷

বিডিএফৰ মুখ্য আহ্বায়ক প্ৰদীপ দত্ত ৰয়ে কয় যে, বিধায়ক কমলাক্ষই বাংলা ভাষাক সহযোগী ভাষা হিচাপে স্বীকৃতি দিবলৈ যি অনুৰোধ কৰিছে সেয়া উপযুক্ত । তেওঁ কয় যে, বড়োৰ জনসংখ্যা পাঁচ শতাংশ । তেওঁলোকৰ ভাষাসমূহক সহযোগী ভাষা হিচাপে স্বীকৃতি দিয়া হৈছে । এয়া এক উৎসাহজনক পদক্ষেপ । কিন্তু এক কোটি জনসংখ্যাৰ বঙালীসকলৰ ভাষাটোক স্বীকৃতি দিবলৈ চৰকাৰে কিয় অনিচ্ছা প্ৰকাশ কৰিছে সেয়া কোনো কাৰণতে বুজিব নোৱাৰা । তেওঁ লগতে কয় যে, তাতোকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল বৰাকৰ বিজেপি বিধায়কসকলে কমলাক্ষৰ এই প্ৰস্তাৱৰ বিৰোধিতা কৰিছিল (Barak valley BJP mla) ।

লগতে পঢ়ক : Path Sabha in Guwahati : গণতন্ত্ৰৰ সংকট কালত ৰাইজক ঐক্যবদ্ধ হ’বলৈ আহ্বান কংগ্ৰেছৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.