Vishwakarma Puja 2023 : বিশ্বখনিকৰৰ মৃন্ময় মূৰ্তি নিৰ্মাণত ব্যস্ত মা লক্ষ্মী শিল্পালয়ৰ মৃৎশিল্পীসকল

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 12:11 PM IST

Updated : Sep 16, 2023, 2:04 PM IST

thumbnail

ওদালগুৰি, ১৬ ছেপ্টেম্বৰ : বিশ্বখনিকৰ বিশ্বকৰ্মা পূজালৈ মাজত মাথোঁ এটা দিন বাকী ৷ ৰাজ্যৰ চৌদিশে এতিয়া চলিছে পূজাৰ ব্যাপক প্ৰস্তুতি ৷ ব্যতিক্ৰম নহয় মৃন্ময় মূৰ্তি নিৰ্মাণ কৰা শিল্পীসকলো ৷ বিশ্বখনিকৰ বিশ্বকৰ্মাৰ মৃন্ময় মূৰ্তিত শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে মৃৎশিল্পীসকল ৷

ৰাজ্যৰ অন্য প্ৰান্তৰ লেখীয়াকৈ দুই দশক পুৰণি ওদালগুৰি জিলাৰ কলাই গাঁও মা লক্ষ্মী শিল্পালয়টো মৃৎশিল্পীসকলো মৃন্ময় মূৰ্তিত আ-অলংকাৰ, কাপোৰ কানি পিন্ধোৱা আদি কামত ব্যস্ত হৈ পৰিছে ৷ কাৰো যেন মূৰ তুলিবলৈ আহৰি নাই ৷ মা লক্ষ্মী শিল্পালয়ত এইবেলি এহাজাৰ পৰা তিনিহাজাৰ মূল্যলৈ প্ৰায় ১২০ টাকৈ অধিক মূৰ্তিৰ অৰ্ডাৰ অহাৰ কথা উল্লেখ কৰিছে স্বত্বাধিকাৰীয়ে ৷

লগতে সা-সামগ্ৰীৰ অত্যাধিক মূল্যবৃদ্ধি হোৱাৰ বাবে এই ব্যৱসায় এইবেলি বিশেষ ভাল নহয় বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : Bishwakarma Puja 2023: পালেহি বিশ্বকৰ্মা পূজা; প্ৰতিমাত শেষ পৰশ বুলাইছে মৃৎশিল্পীয়ে

Last Updated : Sep 16, 2023, 2:04 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.