মুক্তি পালে জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশৰ নতুন টাই গীত ৰূপহী টাই গাভৰু

By ETV Bharat Assamese Team

Published : Nov 17, 2023, 2:40 PM IST

thumbnail

মৰাণ, 17 নৱেম্বৰ: কংচেং, ৱাচিং পাউদাৰ নিৰ্মা, ডিস্কো ভন্টি, মন মইনাৰ দৰে কেইবাটাও জনপ্ৰিয় গীতত কণ্ঠদান কৰি খ্যাতি অৰ্জন কৰা অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশে পুনৰবাৰ লৈ আহিছে আন এটি নতুন গীত ৷ কণ্ঠশিল্পী কুসুম কৈলাশে অনুৰাগীসকলৰ বাবে মৰাণত শুভমুক্তি দিয়ে শিল্পীগৰাকীৰ নতুন টাই গীত "ৰূপহী টাই গাভৰু" ৷ 

মৰাণৰ ষ্টুডিঅ' 'সৃষ্টি দা ক্ৰিয়েটিভ আই'ত শুভমুক্তি দিয়া গীতটোৰ সংগীত উজ্জ্বল আৰঙৰ ৷ গীতটিৰ কথা আৰু সুৰ কুসুম কৈলাশৰ ৷ গীতৰ শব্দ সংমিশ্ৰণ কৰিছে দিগন্ত বৰদলৈয়ে ৷ এই গীতটিত সহশিল্পী হিচাপে কণ্ঠ নিগৰাইছে আন এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী নিলাক্ষী নেওগে ৷ শিল্পীগৰাকীৰ আশা- পূৰ্বৰ দৰে অসমৰ ৰাইজে এই গীতটোও আকোঁৱালি ল'ব ৷ ইফালে, গীতটোৰ শুভমুক্তিৰ সময়ত অনুষ্ঠানটিত কেইবাজনো জনপ্ৰিয় কণ্ঠশিল্পী উপস্থিত থাকে ৷

লগতে পঢ়ক: ২৯ সংখ্যক কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱলৈ নিৰ্বাচিত 'চেলেঞ্জ'

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.