Poor road condition : পথৰ দুৰৱস্থা, ঠেলাৰে কঢ়িয়াইছে গৰ্ভৱতী মহিলাক

By ETV Bharat Assamese Team

Published : Aug 24, 2023, 6:08 PM IST

thumbnail

বঙাইগাঁও, 24 আগষ্ট : বঙাইগাঁও জিলাৰ কোকিলা আৰক্ষী নিৰীক্ষণ চকীৰ অন্তৰ্গত নাম্বাৰপাৰা তৃতীয় খণ্ডৰ উন্নয়নৰ এটা দৃশ্যই সকলোকে আচৰিত কৰি তুলিব ৷ নিশাৰ অন্ধকাৰত এগৰাকী গৰ্ভৱতী মহিলাক ঠেলাৰে কঢ়িয়াই নিয়া হ’ল চিকিৎসালয়লৈ ৷ এম্বুলেন্সৰ অভাৱত চিৎকাৰ কৰি থকা গৰ্ভৱতী মহিলাক ঠেলাৰে এইদৰে নিয়া হয় চিকিৎসালয়লৈ ৷ এয়া হৈছে উত্তৰ অভয়াপুৰী তথা নতুনকৈ ঘোষণা হোৱা সৃজনগ্ৰাম বিধান সভা সমষ্টিৰ নাম্বাৰপাৰা তৃতীয় খণ্ডৰ দৃশ্য ৷

বাট-পথৰ দুৰৱস্থাৰ বাবে গাওঁখনলৈ নাহে এম্বুলেন্স ৷ পথৰ মাজে মাজে পুখৰী সদৃশ গাঁত ৷ যাৰ বাবে ৰোগীৰ আত্মীয়ই ৰোগীক এইদৰে ঠেলাৰে নিব লগা হৈছে চিকিৎসালয়লৈ ৷ সাংসদ আব্দুল খালেকৰ এবাৰো চকু নপৰিল এই অঞ্চলৰ বাট-পথলৈ ৷ একেই অভিযোগ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ বিৰুদ্ধে ৷ 

বিধায়ক খন্দকাৰে বাট-পথৰ উন্নয়নৰ বাবে কোনো গুৰুত্ব নিদি কেৱল ফেচবুকত উন্নয়নৰ ঢাক ঢোল বজাই থকাৰ বাবে তেখেতেক ছেলফি বিধায়ক হিচাপে আখ্যা দিছে স্থানীয় ৰাইজে ৷ এতিয়া চৰকাৰক পথটো মেৰামতি কৰি বৃহত্তৰ অঞ্চলৰ ৰাইজক জৰুৰীকালীন সেৱা লাভ কৰাৰ সুযোগ প্ৰদান কৰিবলৈ ৰাইজে দাবী জনাইছে ৷ 

লগতে পঢ়ক : Road Mishap : চিটী বাছে মহতিয়ালে দুচকীয়া বাহনসহ চালকক

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.