Deprived from PMAY:প্ৰধানমন্ত্ৰী আবাসৰ পৰা বঞ্চিত জোনাইৰ এটি দুখীয়া পৰিয়াল

By ETV Bharat Assamese Team

Published : Sep 29, 2023, 5:47 PM IST

thumbnail

জোনাই, ২৯ ছেপ্টেম্বৰ:ৰাজ্য়ৰ বিভিন্ন জিলাত চৰকাৰে দৰিদ্ৰ লোকৰ বাবে প্ৰদান কৰা প্ৰধানমন্ত্ৰী আবাস গৃহ একাংশ জনপ্ৰতিনিধিয়ে কেইটামান টকাৰ লোভত প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছে । এতিয়া যেন ধন নিদিলেই দুখীয়াই নাপায় প্ৰধানমন্ত্ৰী আবাস গৃহ । ধেমাজি জিলাৰ জোনাইতো তেনেই এখন ছবি ফুটি উঠিছে ।

ধেমাজি জিলাৰ  জোনাইৰ বাহিৰ জোনাই গাঁও পঞ্চায়তৰ অন্তৰ্গত বলাই অকলেণ্ড গাঁৱৰ এটা দুখীয়া পৰিয়ালে আজিও বঞ্চিত হৈ আছে প্ৰধানমন্ত্ৰী আবাস গৃহৰ পৰা । যাৰ ফলত দুৰ্ভগীয়া পৰিয়ালটোৱে দুটি সন্তানক লৈ উৰুখা পঁজাতেই দিন কটাবলগীয়া হৈছে । এটি চৰকাৰী গৃহৰ বাবে গাঁৱখনৰ ৱাৰ্ড সদস্যক জীঅ' টেকৰ বাবে বাৰে বাৰে পৰিয়ালটোৱে আবেদন জনাইছিল যদিও ৱাৰ্ড সদস্যজনে দুখীয়া পৰিয়ালটোৰ প্ৰতি কোনো সহানুভূতি নিদিয়াৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ।

লগতে পঢ়ক:Tea garden workers protest : দুৰ্গা পূজাত ২০ শতাংশ বানচ প্ৰদানৰ দাবীত চাহ শ্ৰমিকৰ বিশাল প্ৰতিবাদ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.