Cattle Vehicle Seized at Kaliabor: গোধনৰ লগতে সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

By

Published : Mar 13, 2023, 10:34 AM IST

thumbnail

কলিয়াবৰ, 13 মাৰ্চ : বৰ্তমানেও ৰাজ‍্যত অব্যাহত আছে গৰুৰ চোৰাং সৰবৰাহ ৷ এক গোপন সূত্ৰৰ ভিত্তিত দেওবাৰৰ নিশা কলিয়াবৰ আৰক্ষীয়ে ঘাইপথত চলাইছিল অভিযান আৰু এই অভিযান কালত আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় গৰু ভৰ্তি বাহন (Police seized vehicle loaded with cattle)৷ কলিয়াবৰৰ কুঁৱৰীটোলত নাকাচেকিং বহুৱাই চোৰাংভাৱে ১৩ টাকৈ গৰু কঢ়িয়াই অনা এখন টাটা মোবাইল বাহন জব্দ কৰিবলৈ সক্ষম হয় কলিয়াবৰ আৰক্ষীয়ে (Cattle smuggling at Kaliabor) ৷

লগতে পঢ়ক : HSLC Exam 2023: মেট্ৰিকৰ আজি হ’বলগীয়া বিজ্ঞান পৰীক্ষা বাতিল, মাজনিশা ছেবাৰ ঘোষণা

অভিযানকালত আৰক্ষীয়ে আটক কৰে তিনিটাকৈ গৰু সৰবৰাহকাৰীক । লগতে উদ্ধাৰ কৰে ১৩ টাকৈ গৰু । জব্দকৃত বাহনখনৰ নম্বৰ AS 02 CC 6750 । যোৰহাটৰ পৰা নগাঁও অভিমুখে চোৰাংকৈ গৰু সৰবৰাহৰ চেষ্টা কৰোতেই আৰক্ষীয়ে জব্দ কৰিবলৈ সক্ষম হয় গৰুভৰ্তি বাহনখনৰ লগতে গৰু সৰবৰাহকাৰী কেইটাক (Cattle rescued at Kaliabor) ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.