যোৰাবাটত চোৰাং গৰু ভৰ্তি ট্ৰাকসহ আটক দুজন

By

Published : Aug 25, 2022, 10:22 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

ৰাজ্যত অব্যাহত আছে অবৈধ কাৰ্যকলাপৰ বিৰুদ্ধে অভিযান ৷ ইয়াৰ মাজতে ৰাজ্যত অব্যাহত আছে অবৈধ গৰু সৰবৰাহ কাৰ্য (Illegal cow trafficking continues in Assam) ৷ এইবাৰ গুৱাহাটী মহানগৰীৰ যোৰাবাটত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰিবলৈ সক্ষম হৈছে চোৰাংভাৱে সৰবৰাহ কৰা গৰুসহ এখন বাহন (Police seized vehicle loaded with cattle at Jorabat) ৷ তথ্য অনুসৰি, বৃহস্পতিবাৰে পুৱা প্ৰায় ৭ বজাত যোৰাবাট আৰক্ষীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকে এক গোপন খবৰৰ তথ্যৰ ভিত্তিত চোৰাংভাৱে সৰবৰাহ কৰা গৰুৰ বিৰুদ্ধে চলাই এক অভিযান ৷ এই অভিযানতে চোৰাংভাৱে সৰবৰাহ কৰা গৰু ভৰ্তি ট্ৰাকসহ আটক কৰে দুজন লোকক ৷ আটকাধীন দুজন হ’ল জব্দকৃত গাড়ীখনৰ চালক তথা নগাঁৱৰ খাতোৱালৰ মুকশ্বিদুল ইছলাম আৰু গাড়ীখনৰ হেণ্ডিমেন তথা নগাঁৰ ৰূপহীহাটৰ মচিকুল ৰহমান । আনহাতে, যোৰাবাট আৰক্ষীয়ে জব্দ কৰা ট্ৰাকখনৰ নম্বৰ হ’ল এ এছ ০১ এল চি ৮১৮৫ । তথ্য অনুসৰি উক্ত ট্ৰাকখনত ২১ টা গৰু চোৰাংভাৱে কঢ়িয়াই আনিছিল ৷

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.