Piyali Phukan play staged: কলিয়াবৰত পিয়লি ফুকন মঞ্চস্থ

By

Published : Aug 17, 2023, 6:00 PM IST

Updated : Aug 17, 2023, 6:35 PM IST

thumbnail

কলিয়াবৰ,১৭ আগষ্ট: সমগ্ৰ দেশ তথা ৰাজ্যতে উদযাপন কৰা হ'ল ৭৭ সংখ‍্যক স্বাধীনতা দিৱস । স্বাধীনতা দিৱস আৰু আজাদী কা অমৃত মহোৎসৱ উপলক্ষ উপলক্ষে কলিয়াবৰ মহকুমা প্ৰশাসনৰ ব্যৱস্থাপনাত হাটবৰ কেন্দ্ৰীয় নাট্য সমাজ ভৱনত মঞ্চস্থ কৰা হয় "পিয়লি ফুকন" ।  

বন্তি প্ৰজ্বলনৰে নাটখনিৰ শুভাৰম্ভ কৰে ক্ৰমে মহকুমাধিপতি লিজা তালুকদাৰৰ লগতে কলিয়াবৰৰ দুই সু-সন্তান বিশিষ্ট পৰিচালক তথা অভিনেতা প্ৰদীপ হাজৰিকা আৰু নাট্যকাৰ নৰেণ বৰাই । কলিয়াবৰৰ বাচকবনীয়া কুশলীয়ে অভিনয় কৰা নাটখনি পৰিচালনা কৰে সমীৰণ বৰা আৰু সমুদ্ৰ বৰদলৈয়ে । নাটখনিত অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথমচোৱা সময়ৰ স্বাধীনতা প্ৰয়াসী সাহসী বীৰজনৰ আত্মবলিদানৰ গৌৰৱময় আভাই উপস্থিত দৰ্শকক মোহিত কৰি তোলে । 

লগতে পঢ়ক: Minister Jogen Mohan: ন-পুৰণি বিজেপিৰ মাজত সংঘাত বিৰোধীৰ চক্ৰান্ত; যোগেন মহন

Last Updated : Aug 17, 2023, 6:35 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.