বছৰৰ অন্তিম দিনটোত উখল-মাখল দাৰাগাঁও বনভোজস্থলী

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 10:38 PM IST

thumbnail

বাক্সা, 31 ডিচেম্বৰ : ডিচেম্বৰ মানেই বনভোজৰ বতৰ ৷ লগে-ভাগে এসাজ খোৱাৰ বতৰ ৷ ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে বাক্সা জিলাৰ ভাৰত- ভূটান সীমান্তৰ বনভোজস্থলী সমূহতো বৃদ্ধি পাইছে বনভোজকাৰী দল ৷ বিনন্দীয় প্ৰাকৃতিক সৌন্দৰ্যৰ বাবে বিখ্যাত জিলাখনৰ ভাৰত-ভূটান সীমান্তৰ দাৰাগাঁৱতো বনভোজকাৰী দলৰ আগমন ঘটিছে ৷

ভূটান পাহাৰৰ নৈসৰ্গিক পৰিৱেশৰ মাজত লগে-ভাগে পৰিয়াল, আত্মীয়-কুটুম্বৰ সৈতে সময় কটোৱাৰ বাবে ইতিমধ্যে ৰাজ্যৰ ভিন্ন স্থানৰ পৰা উপস্থিত হৈছে বনভোজকাৰী দল ৷ ভূটান পাহাৰৰ সেউজ পৰিৱেশ, দিৰিং নদীৰ কুলু কুলু শব্দ, বিশাল শিলৰ মাজত সকলো আত্মহাৰা ৷ বনভোজ স্থলীত নাচি- বাগি সকলোকে আত্মহাৰা হৈ পৰা পৰিলক্ষিত হৈছে ৷

উল্লেখ্য যে জিলাখনৰ ভাৰত-ভূটান সীমান্তত গঢ় লৈ উঠা দ্বাৰাগাঁও বনভোজস্থলীত বনভোজকাৰী সকলৰ মনোৰঞ্জনৰ বাবে আছে বিশেষ ব্যৱস্থা ৷ জীপ লাইন, আৰ্চাৰীকে ধৰি বিভিন্ন ব্যৱস্থা কৰিছে কেনৰী এডভাঞ্চাৰ ক্লাৱে ৷ আনহাতে বনভোজস্থলীসমূহত গঢ়ি উঠা দোকানসমূহতো বিভিন্ন জনজাতীয় খাদ্য সামগ্ৰী উপলব্ধ হয় ৷  

লগতে পঢ়ক : মাঘনোৱা দৌলত আহোমসকলৰ পৰম্পৰাগত পয়খেক বান-ফী সমাৰোহ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.