মাঘনোৱা দৌলত আহোমসকলৰ পৰম্পৰাগত পয়খেক বান-ফী সমাৰোহ

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 9:04 PM IST

thumbnail

বিহপুৰীয়া, 31 ডিচেম্বৰ : লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ঐতিহাসিক মাঘনোৱা দৌল প্ৰাংগণত আজি দিনজোৰা কাৰ্যসূচীৰে পালন কৰা হয় ফুৰালুঙপন্থী তাই আহোমসকলৰ পৰম্পৰাগত ধৰ্মীয় অনুষ্ঠান ২৬ সংখ্যক পয়খেক বান-ফী সমাৰোহ ।

দেশ আৰু জাতিৰ মংগলৰ কাৰণে অনুষ্ঠিত কৰা সমাৰোহখনৰ কাৰ্যসূচী অনুসৰি পুৱাৰ ভাগত দুখন মূল পতাকাৰ লগতে ২৬ খন পতাকা উত্তোলন কৰাৰ পিচতে সম্পূৰ্ণ মাংগলিক নীতি-নিয়ম অনুসৰি মৈদাম তৰ্পণ কৰে সমাজ সংগঠক চাঁয়া চাংমাই ।

সমাৰোহত ফুৰানাম প্ৰতিযোগিতা, চিত্ৰাংকন আৰু কুইজ প্ৰতিযোগিতা অনুষ্ঠিত হোৱাৰ লগতে দুপৰীয়া ১২ বজাৰ পৰা মুকলি সভা অনুষ্ঠিত হয় । সভাখনত 'মাক-নোৱা' শীৰ্ষক এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰাৰ লগতে আহোম জনগোষ্ঠীৰ কেবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে ।

উক্ত অনুষ্ঠানলৈ লখিমপুৰ জিলাৰ ভিন্ন প্ৰান্তৰ পৰা অগণন ভক্তৰ অগমন দেখা যায় ৷

লগতে পঢ়ক: জোনাইত ৩৭ সংখ্যক দঞি পঃল দিৱস

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.