Dilapidated road in Assam: উন্নয়নৰ ঢাক-ঢোল প্ৰকৃতাৰ্থত কিমান দূৰ সঁচা ?

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 1:16 PM IST

thumbnail

তিনিচুকীয়া, 13 অক্টোবৰ : অসম-অৰুণাচলৰ সীমামূৰীয়া বৰডুমচা অঞ্চলৰ যাতায়তৰ বাবে মূল ঘাইপথেই হ’ল পেঙেৰী-বৰডুমচা সংযোগী ৰাজ্যিক ঘাইপথটো । কিন্তু ৰাজ্যিক ঘাইপথটোৰ প্ৰকৃত স্বৰূপ দেখিলে সকলোৱে অনুমান কৰিব পাৰিব উন্নয়নৰ নামত দৰাচলতে হৈছে কি ৰাজ্যত ?

পেঙেৰী-বৰডুমচা সংযোগী জৰাজীৰ্ণ ৰাজ্যিক ঘাইপথটোৱে জ্বলা-কলা খুৱাইছে সাধাৰণ ৰাইজক । ডিব্ৰুগড় লোকসভা সমষ্টিৰ অধীনৰ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত পেঙেৰী-বৰডুমচা পথছোৱা নিৰ্মাণৰ দাবীত স্থানীয় দল-সংগঠন, সাধাৰণ ৰাইজে অসম চৰকাৰ, ডিব্ৰুগড়ৰ সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ লগতে স্থানীয় বিধায়ক ভাস্কৰ শৰ্মাক দাবী জনাই আহিছে কিন্তু কোনো গুৰুত্ব নিদিয়াৰ অভিযোগ কৰিছে স্থানীয় দল-সংগঠনে ।

বৰ্তমান সময়ত উক্ত জৰাজীৰ্ণ পথছোৱাত আছে পুখুৰী সদৃশ গাঁত । উক্ত জৰাজীৰ্ণ পথছোৱা অতি শীঘ্ৰে নিৰ্মাণ কৰি যাতায়াত ব্যৱস্থা সুচল কৰি তুলিবলৈ অসম চৰকাৰ, লোক নিৰ্মাণ বিভাগক দাবী জনাইছে সদৌ অসম গোৰ্খা ছাত্ৰ সন্থা আৰু অসমীয়া যুৱ মঞ্চই । অনতিপলমে উক্ত পথছোৱা নিৰ্মাণ নকৰিলে লোকসভাৰ নিৰ্বাচনত বিজেপি দল আৰু চৰকাৰে তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হ’ব লাগিব বুলি সকিয়াই দিয়ে সংগঠন দুটাৰ নেতৃত্বই ।

লগতে পঢ়ক : Assam Arunachal connecting road:ৰাস্তা নে পুখুৰী, অনুনয় বিনয় কৰাৰ বাহিৰে ৰাইজে কৰিব কি ?

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.