Passenger Ferry stuck : ব্ৰহ্মপুত্ৰৰ বুকুত দুঘণ্টা ধৰি আৱদ্ধ মাজুলী অভিমুখী ফেৰী

By ETV Bharat Assamese Team

Published : Oct 27, 2023, 1:45 PM IST

thumbnail

মাজুলী, 27 অক্টোবৰ : পুনৰ মাজুলীত অঘটন ৷ শুকুৰবাৰে পুৱাৰ ভাগত ব্ৰহ্মপুত্ৰৰ বুকুত দুঘণ্টা ধৰি আৱদ্ধ মাজুলী অভিমুখী ফেৰী । জানিব পৰা মতে, নিমাতী ঘাটৰ পৰা মাজুলীৰ কমলাবাৰী ঘাটলৈ আহি আছিল আৰ পি এল ডিগাৰু নামৰ যাত্ৰীবাহী ফেৰীখন । হঠাৎ ফেৰীখন আৱদ্ধ হৈ পৰে ব্ৰহ্মপুত্ৰৰ বুকুত ৷

ব্ৰহ্মপুত্ৰৰ জলস্তৰ হ্ৰাস পোৱাৰ বাবে এই ঘটনা সংঘটিত হৈছে বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিচতে যাত্ৰীসকলৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ জাহাজখনত 114 গৰাকী যাত্ৰীৰ লগতে 23 খন দুচকীয়া বাহন, 4 খন চাৰি চকীয়া বাহন আছে বুলি জানিব পৰা গৈছে ।

বাতৰি লিখা সময়লৈকে লাভ কৰা তথ্য অনুসৰি, কমলাবাৰী ঘাটৰ সমীপতে ফেৰীখন আৱদ্ধ হৈ আছে । ইতিমধ্যে আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ সদস্যসকলে যাত্ৰীসকলক উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে ৷ অৱশ্যে ফেৰীখন ব্ৰহ্মপুত্ৰ নদীৰ মাজতে বৰ্তমানো আৱদ্ধ হৈ আছে ।

লগতে পঢ়ক: Accident In Karnataka : কৰ্ণাটকৰ চিক্কাবল্লাপুৰত পথ দুৰ্ঘটনা 13 জনৰ মৃত্যু; মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.