ETV Bharat / bharat

Accident In Karnataka : কৰ্ণাটকৰ চিক্কাবল্লাপুৰত পথ দুৰ্ঘটনা 13 জনৰ মৃত্যু; মৃতকৰ সংখ্যা বৃদ্ধিৰ আশংকা

author img

By ANI

Published : Oct 26, 2023, 9:13 AM IST

Updated : Oct 26, 2023, 2:20 PM IST

Accident In Karnataka
কৰ্ণাটকৰ চিক্কাবল্লাপুৰত অঘটন

কৰ্ণাটকৰ চিক্কাবল্লাপুৰত অঘটন ৷ এই দুৰ্ঘটনাত 13 জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেবাজনো লোক ৷ এই দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা বৃদ্ধিৰ আশংকা কৰা হৈছে ৷

নেশ্যনেল ডেস্ক, 26 অক্টোবৰ : বুধবাৰে কৰ্ণাটকৰ চিক্কাবল্লাপুৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা ৷ বাতৰি লিখা পৰলৈকে, চিক্কাবল্লাপুৰৰ 44 নং ৰাষ্ট্ৰীয় ঘাইপথত এই পথ দুৰ্ঘটনা শিশুসহ 13 জন লোকৰ মৃত্যু হোৱাৰ লগতে আহত হৈছে কেবাজনো লোক ৷ আহতসকলক ততাতৈয়াকৈ স্থানীয় এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে ।

যান-বাহন আৰক্ষীয়ে উল্লেখ কৰা মতে, অন্ধ্ৰপ্ৰদেশৰ বাগেপালীৰ পৰা বেংগালুৰুৰ চিক্কাবল্লাপুৰলৈ গৈ আছিল এই যাত্ৰীসকল । ইফালে আহত কেইজনৰো অৱস্থা অতি সংকটজনক বুলি জানিব পৰা গৈছে ৷ লগতে মৃতকৰ সংখ্যা বৃদ্ধি পোৱাৰো আশংকা কৰা হৈছে ৷ নিহত আটাইকেইজন অন্ধ্ৰপ্ৰদেশৰ বুলি জানিব পৰা গৈছে ৷

তথ্য অনুসৰি, দুৰ্ঘটনাগ্ৰস্ত বাহনখনত আছিল মুঠ 15 জন যাত্ৰী ৷ মুঠ 15 জন যাত্ৰীৰ ভিতৰত নিহত হোৱাসকলৰ মহিলাৰ সংখ্যা 4 গৰাকী আৰু পুৰুষৰ সংখ্যা 8 জন ৷ লগতে এটা শিশুও নিহত হৈছে এই দুৰ্ঘটনাটোত ৷ বিৱৰণি অনুসৰি, ঘটনাস্থলীত থিতাতে নিহত হয় 5 জন লোক ৷ বাকী কেইজন লোক চিকিৎসাধীন অৱস্থাত হাস্পতালত মৃত্যু হয় ৷

আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, চিক্কাবল্লাপুৰৰ 44 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা অৱস্থাত আছিল চিমেণ্ট প্ৰস্তুত কৰা এখন ট্ৰাক (cement bulker truck) ৷ হঠাৎ এই ৰখাই থোৱা ট্ৰাকখনত পিচফালৰ পৰা খুন্দা মাৰে যাত্ৰী কঢ়িওৱা এখন টাটা ছুমোৱে ৷ ফলত টাটা ছুমোখন চূৰমাৰ হৈ যায় ৷

তাৰ পাচতে প্ৰত্যক্ষদৰ্শী আৰু স্থানীয় ৰাইজে দুৰ্ঘটনাত পতিত হোৱা লোকসকলক উদ্ধাৰৰ বাবে যথোপৰনাস্তি চেষ্টা কৰে ৷ স্থানীয় লোকৰ তৎপৰতাতে আৰক্ষীয়ে দুৰ্ঘটনাত পতিত হোৱা লোকসকলক হাস্পতাললৈ প্ৰেৰণ কৰে ৷

লগতে পঢ়ক : Chennai Raj Bhavan : চেন্নাইৰ ৰাজভৱনৰ বাহিৰত পেট্ৰ’ল বোমা নিক্ষেপ, ডি এম কে চৰকাৰক কটাক্ষ বিৰোধীৰ

Last Updated :Oct 26, 2023, 2:20 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.