তেজপুৰত জিলা কংগ্ৰেছৰ উদ্যোগত বিৰোধী দলৰ প্ৰতিবাদ

By ETV Bharat Assamese Team

Published : Dec 22, 2023, 3:59 PM IST

thumbnail

তেজপুৰ, 22 ডিচেম্বৰ : তেজপুৰত বিৰোধী ঐক্য মঞ্চৰ উত্তাল প্ৰতিবাদ ৷ অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ উদ্যোগত বিৰোধী ঐক্য মঞ্চ, শোণিতপুৰ জিলাৰ সহযোগত বিজেপিৰ বিৰুদ্ধে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শতাধিক প্ৰতিবাদকাৰীয়ে ৷  

সংসদৰ অধ্যক্ষই বিৰোধীৰ 142 জন সাংসদক নিলম্বন কৰা আৰু ভাৰতীয় গণতন্ত্ৰৰ ভেটিত বিজেপি দলে আক্ৰমণ কৰাৰ অভিযোগ তুলি চৰকাৰৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে ৷ তেজপুৰৰ কৰ্ট চাৰিআলিত বিৰোধীৰ কেইবাটাও সংগঠন একত্ৰিত হৈ কংগ্ৰেছৰ উদ্যোগত এই প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ 

"বিজেপি গ’ বেক", "বিজেপি মূৰ্দাবাদ" আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে প্ৰতিবাদকাৰীসকলে ৷ উল্লেখযোগ্য যে যৌথ বিৰোধী দলৰ সহযোগত অনুষ্ঠিত এই প্ৰতিবাদী কাৰ্যসূচীত সকলো দলে পৃথকে পৃথকে বহি প্ৰতিবাদ সাব্যস্ত কৰে ৷ 

লগতে পঢ়ক : পার্বত্য জিলাত উন্নয়নৰ খতিয়ান ল'ব বিজেপিৰ নেতা-কর্মীয়ে:তুলিৰাম ৰংহাং

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.