Opium Seized in Guwahati: গুৱাহাটী ৰেল ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ

By

Published : Sep 9, 2022, 6:19 PM IST

Updated : Feb 3, 2023, 8:27 PM IST

thumbnail

গুৱাহাটী ৰে’ল ষ্টেচনত বৃহৎ পৰিমাণৰ কানি জব্দ (Opium Seized in Guwahati) । শুকুৰবাৰে পুৱা ৰে’ল আৰক্ষীয়ে গুৱাহাটী ষ্টেচনত (Paltan bazar railway station) অভিযান চলাই নামনিমুৱা ৰাজধানী এক্সপ্ৰেছৰ পৰা কানিসহ দুই সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে । ধৃত সৰবৰাহকাৰী দুটা ৰাজস্থানৰ মনিশ কুমাৰ আৰু কল্লাৰাম বুলি আৰক্ষীয়ে জনায় । আৰক্ষীৰ মতে, জব্দকৃত ৭ কেজি ওজনৰ কানিখনিৰ বজাৰমূল্য প্ৰায় ৭ কোটি টকা ৷ কানিখিনি তিনিচুকীয়াৰ পৰা দিল্লীলৈ নিয়াৰ পৰিকল্পনা কৰা বুলি জানিব পৰা গৈছে ৷ সম্প্ৰতি সৰবৰাহকাৰী দুটাক জেৰা চলাই আছে ৰে’ল আৰক্ষীয়ে ।

Last Updated : Feb 3, 2023, 8:27 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.