শোকাৱহ পথ দুৰ্ঘটনাত থিতাতে প্ৰাণ হেৰুৱালে পত্নীয়ে, সংকটজনক অৱস্থাত চিকিৎসালয়ত স্বামী

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 10:24 AM IST

thumbnail

কলিয়াবৰ, 18 নৱেম্বৰ: কলিয়াবৰ মহকুমাৰ নলতলি ৩৭ (ক) নং ৰাষ্ট্ৰীয় ঘাইপথত শুকুৰবাৰৰ নিশা প্ৰায় 10.30 বজাত সংঘটিত হয় শোকাৱহ পথ দুৰ্ঘটনা ৷ পথ দুৰ্ঘটনাটোত মামণি দাস (48) নামৰ মহিলাগৰাকী থিতাতে নিহত হোৱাৰ লগতে তেওঁৰ স্বামী শৈলেশ দেৱনাথ (50) গুৰুতৰভাৱে আহত হয় বুলি জানিব পৰা গৈছে ৷ 

জানিব পৰা মতে, কলিয়াবৰৰ কুহিমাৰী নিৱাসী তথা মছলা ব্যৱসায়ী দম্পতী তেজপুৰৰ ব্যৱসায়স্থলীৰ পৰা ওভতি আহি থাকোতেই সংঘটিত হয় দুৰ্ঘটনাটো ৷  AS 02 K 7037 নম্বৰৰ গ্লেমাৰ মটৰ চাইকেলখনৰে গৃহ অভিমুখী হোৱাৰ পথত নলতলী পেট্ৰ’ল পাম্পৰ সমীপত বিপৰীত দিশৰ পৰা অহা অচিনাক্ত গাড়ীৰ খুন্দাত শোকাৱহ দুৰ্ঘটনাটো সংঘটিত হয় ৷ 

দুৰ্ঘটনাটোত বাইক আৰোহী মামণি দাস থিতাতে নিহত হোৱাৰ লগতে গুৰুতৰভাৱে আহত হোৱা স্বামী শৈলেশ দেৱনাথক সংকটজনক অৱস্থাত চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷

লগতে পঢ়ক: বিবাহ অনুষ্ঠানৰ পৰা ওভতাৰ পথত দুৰ্ঘটনাত পতিত বাহন, নিহত 5 জন

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.