Accident at Duliajan: ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত এজন

By

Published : Apr 15, 2023, 2:10 PM IST

thumbnail

ডিব্ৰুগড়, 15 এপ্ৰিল : বিহুৰ আনন্দ-উল্লাসৰ মাজতেই নিশা দুলীয়াজানত ভয়ংকৰ পথ দুৰ্ঘটনা । এখন মটৰ চাইকেল আৰু চাৰিচকীয়া বাহনৰ মাজত সংঘটিত হয় মুখামুখি সংঘৰ্ষ । থিতাতে নিহত হয় মটৰ চাইকেল আৰোহী । নিহত লোকজন দুলীয়াজানৰ থাপাবস্তি অঞ্চলৰ বিবেক বাহাদুৰ চেত্ৰী বুলি জানিব পৰা গৈছে (Duliajan road accident) । 

জানিব পৰা মতে, AS O6 AG 5037 নম্বৰৰ মটৰ চাইকেলখন টিংৰাই দিশৰ পৰা দুলীয়াজান অভিমুখে আহি থকা অৱস্থাত বিপৰীত দিশৰ পৰা তীব্ৰ গতিত অহা AS 06 K 1342 নম্বৰৰ cervelat গাড়ীখনৰ সৈতে মুখামুখি সংঘৰ্ষ হয় । ইফালে দুৰ্ঘটনাটো সংঘটিত কৰিয়েই ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুৰ্ঘটনা সংঘটিত কৰা চালকজন (Terrible road accident at Duliajan) ৷ 

আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ প্ৰেৰণ কৰে । এই ঘটনাত দুলীয়াজানৰ থাপাবস্তি অঞ্চলত শোকৰ ছাঁ পৰিছে (Assam Medical College and Hospital) ।

লগতে পঢ়ক : Super Thief Bunty Arrested : দিল্লী আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ ছুপাৰ চোৰ ‘বাণ্টি’

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.