মাহুৰ নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ গ’ল এজনক

By

Published : Jun 16, 2022, 12:55 PM IST

Updated : Feb 3, 2023, 8:23 PM IST

thumbnail

প্ৰৱল বৃষ্টিপাতৰ ফলত হোৱা ভয়ংকৰ ভূমিস্খলন আৰু বানৰ কৱলত পৰি এক প্ৰকাৰ বিধ্বস্ত হৈ পৰিছে ডিমা হাছাও জিলা (Landslide in Dima hasao) ৷ ইয়াৰ মাজতে জিলাখনত বুধবাৰে দুপৰীয়া মাহুৰ নৈ কোঁবাল সোঁতত উটি যায় এজন লোক ৷ সন্ধানহীন লোকজন ৰোজেন থাওছেন(54) বুলি জানিব পৰা হৈছে ৷ বৰ্তমানলৈ কোনো সন্ধান ওলোৱা নাই লোকজনৰ । জানিব পৰা মতে ৰোজেন থাওছেন মাহুৰ আৰক্ষী থানাৰ অন্তৰ্গত থাপা গাঁৱৰ বাসিন্দা । তেওঁ বুধবাৰে দুপৰীয়া মাহুৰ নৈ পাৰ হৈ যোৱাৰ সময়তে নৈৰ বাঢ়নী পানীয়ে উটুৱাই লৈ যায় ।

Last Updated : Feb 3, 2023, 8:23 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.