Drugs Seized: মৰাণত ড্ৰাগছসহ আৰক্ষীৰ জালত সৰবৰাহকাৰী

By

Published : Dec 26, 2022, 10:37 PM IST

Updated : Feb 3, 2023, 8:37 PM IST

thumbnail

ড্ৰাগছৰ বিৰুদ্ধে অভিযান তীব্ৰতৰ কৰি তুলিছে মৰাণ আৰক্ষীয়ে(Moran police raid against drugs) । সোমবাৰে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষীয়ে মৰাণ চহৰৰ মাজমজিয়াত অভিযান চলাই ড্ৰাগছসহ এজনক আটক কৰিবলৈ সক্ষম হয়(One person arrested with drugs at Moran) । এক গোপন সূত্ৰৰ অনুসৰি মৰাণ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া পংকজ উপাধ্যায়ে চলাইছিল অভিযান(Drugs seized in Moran) । এই অভিযানত সোণাৰিৰ নামতোলাৰ পৰা আহি থকা আকাশ মাহাতুক ড্ৰাগছসহ আটক কৰিছে মৰাণ আৰক্ষীয়ে । ধৃত যুৱকজনৰ পৰা ০.৬৪ গ্ৰাম আৰু চিৰিঞ্জ উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষী । যুৱকজনে জোতাত লুকুৱাই আনিছিল ড্ৰাগছখিনি । আটক হোৱা যুৱকজন মৰাণ পিয়লি নগৰৰ চন্দ্ৰেশ্বৰ মাহাতুৰ পুত্ৰ বুলি জানিব পৰা গৈছে । আটকাধীন যুৱকজনক অধিক তথ্যৰ বাবে আৰক্ষীয়ে জেৰা অব্যাহত ৰাখিছে ।

Last Updated : Feb 3, 2023, 8:37 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.