Tiger Attack in Golaghat: গোলাঘাটৰ জামুগুৰিত বাঘৰ আক্ৰমণত আহত এজন

By ETV Bharat Assamese Team

Published : Oct 18, 2023, 11:00 PM IST

thumbnail

গোলাঘাট, 18 অক্টোবৰ: গোলাঘাটৰ জামুগুৰিত চাঞ্চল্যকৰ ঘটনা ৷ বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আহত এজন লোক ৷ আহত লোকজন বুবুতি শইকীয়া বুলি জানিব পৰা গৈছে ৷ ঘটনা অনুসৰি, বুবুতিয়ে নিজা কৃষিভূমিলৈ যাওঁতেই হঠাৎ বাঘটোৱে আক্ৰমণ কৰে ৷ ফলত দৈৱক্ৰমে প্ৰাণৰক্ষা পৰে যুৱকজনৰ ৷

ইফালে এই ঘটনাত আহত যুৱকজনক গোলাঘাটৰ শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় ৷ বৰ্তমান বুবুতি সংকটমুক্ত বুলি জানিব পৰা গৈছে ৷ কিন্তু মূৰ আৰু হাতত আঘাত গুৰুতৰ বুলি জানিবলৈ দিছে বুবুতিৰ পৰিয়ালৰ লোকে ৷ ইফালে দিন দুপৰতে অঞ্চলটোত বাঘে আক্ৰমণ কৰা ঘটনাক লৈ এতিয়া চিন্তিত হৈ পৰিছে অঞ্চলবাসী ৷

‘‘মই বাৰীত পাচলি চাবলৈ গৈছিলো ৷ সদায় সেই পথেৰে আমি অহা যোৱা কৰো ৷ কিন্তু আজি হঠাৎ বাঘে আক্ৰমণ কৰে ৷ মই বাঘটোক দেখা নাছিলো ৷’’ এই মন্তব্য আহত যুৱকজনৰ ৷

লগতে পঢ়ক:Golden Jubilee of Sarupathar College: সৰুপথাৰ মহাবিদ্যালয় স্বৰ্ণজয়ন্তী অনুষ্ঠানৰ লাইখুঁটা স্থাপন 

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.