Rhino attack in Lakhimpur: লখিমপুৰত গঁড়ৰ আক্ৰমণত আহত এজন

By

Published : Jan 17, 2023, 2:03 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

লখিমপুৰত পুৱাই গঁড়ৰ মুক্ত বিচৰণ । গঁড়টোৰ আক্ৰমণত গুৰুতৰভাৱে আহত হয় এজন (Rhino attack in Lakhimpur) ৷ মাথো কেইদিনমান পূৰ্বে উচ্ছেদ অভিযান চলা পাভ সংৰক্ষিত বনাঞ্চলৰ দাঁতিত এইবাৰ গড়ৰ সন্ত্ৰাস ৷

মঙলবাৰে পুৱাই গঁড়টোৰ আক্ৰমণত মফিদুল ইছলাম নামৰ লোকজন গুৰুতৰভাৱে আহত হয় । উল্লেখ্য যে বনাঞ্চলখনৰ উচ্ছেদ হোৱা এলেকাৰ সমীপৰ এলেকাত এটা পূৰ্ণবয়স্ক গঁড় বিচৰণ কৰা প্ৰত্যক্ষ কৰে ৰাইজে (Rhino roaming in Lakhimpur) । গঁড়টো দেখা পাই ৰাইজে চিঞৰ বাখৰ কৰাৰ লগে লগে গঁড়টোৱে আক্ৰমণাত্মক ৰূপ ধাৰণ কৰে ।

উন্মত্ত প্ৰায় হৈ পৰা গঁড়টোৱে খেতি পথাৰত ব্যস্ত মফিদুল ইছলামক আক্ৰমণত কৰি গুৰুতৰভাৱে আহত কৰে (One injured in rhino attack in Lakhimpur)  । তেওঁক ইতিমধ্যে চিকিৎসাধীন কৰা হৈছে । ইয়াৰোপৰি এটা গৰুকো আক্ৰমণ কৰি বধ কৰে গঁড়টোৱে । 

গঁড়টোৱে সম্প্ৰতি জনাঞ্চলত ইফালৰ পৰা সিফাললৈ ঢপলিয়াই ফুৰিছে । যাৰ বাবে অঞ্চলসমূহত তীব্ৰ আতংকৰ সৃষ্টি হৈছে । উন্মুক্ত গঁড়টোক খেদি পঠিয়াবলৈ অথবা নিয়ন্ত্ৰণ কৰিবলৈ ইতিমধ্যে বন বিভাগ আৰু আৰক্ষী বিভাগৰ লোকে বনাঞ্চলখনত চৌদিশৰ পৰা প্ৰস্তুতি চলাই আছে ।

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.