Japanese Encephalitis: বৰপেটাত জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ এজনৰ মৃত্যু

By

Published : Aug 4, 2023, 5:19 PM IST

thumbnail

বৰপেটা, ৪ আগষ্ট: ৰাজ্যজুৰি জাপানীজ এনকেফেলাইটিছ ভয়ংকৰ পাদুৰ্ভাৱ ৷ শুকুৰবাৰে বৰপেটাত জাপানীজ এনকেফেলাইটিছত এজন লোকৰ মৃত্যু হয় ৷ মৃত্যু হোৱা লোকজনৰ নাম খনীন্দ্ৰ পাঠক বুলি জানিব পৰা গৈছে ৷ খনীন্দ্ৰ পাঠকৰ ঘৰ বৰপেটাৰ সুন্দৰীদিয়াত ৷

লোকনিৰ্মাণ বিভাগৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী খনীন্দ্ৰ পাঠকৰ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত চিকিৎসাধীন অৱস্থাতেই মৃত্যুক আকোঁৱালি লয় ৷ ২১ দিন পূৰ্বে জাপানী এনকেফেলাইটিছ ৰোগত আক্ৰান্ত হৈছিল পাঠকে ৷ পাঠকক প্ৰথম অৱস্থাত গুৱাহাটীৰ নেমকেয়াৰ হাস্পতালত চিকিৎসা প্ৰদান কৰা হৈছিল যদিও পিচলৈ গুৱাহাটী মেডিকেল কলেজ হাস্পতালত ভৰ্তি কৰোৱা হয় ৷

সম্প্ৰতি খনীন্দ্ৰ পাঠকৰ মৃতদেহ বৰপেটাৰ ঘৰলৈ অনা হয় ৷ ইয়াৰ পিচতে ঘৰখনত  হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় ৷ উল্লেখ্য যে বৰপেটা স্বাস্থ্য বিভাগে জাপানীজ এনকেফেলাইটীছ অথবা ডেংগু ৰোগ নিয়ন্ত্ৰণৰ বাবে ইতিমধ্যে শতাধিক স্থানত ধোঁৱা দিয়া বা ফ'গিঙৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৷ 

ইয়াৰ সমান্তৰালভাৱে ঔষধযুক্ত আঠুৱা, সজাগতা সভা, মাইকিং আদিৰ জৰিয়তেও ৰোগ নিয়ন্ত্ৰণৰ পদক্ষেপ গ্ৰহণ কৰিছে যদিও বৰপেটাত ইতিমধ্যে জাপানীজ এনকেফেলাইটিছত ৯ জন লোক আক্ৰান্ত হোৱাৰ লগতে ডেংগুত আক্ৰান্ত লোকৰ সংখ্যা ১২ জনলৈ বৃদ্ধি পাইছে ৷

লগতে পঢ়ক: Wild elephants died : ৰাণীত বিদ্যুৎস্পৃষ্ট হৈ পোৱালিসহ তিনিটা বন্যহস্তীৰ মৃত্যু

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.