Road accident at Moran: মৰাণৰ তিলৈজানত ভয়ংকৰ পথ দুৰ্ঘটনা

By

Published : Oct 29, 2022, 8:29 PM IST

Updated : Feb 3, 2023, 8:30 PM IST

thumbnail

ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ- নাহৰকটীয়া পথৰ তিলৈজানত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা (Road accident at Moran) ৷ এখন মটৰ চাইকেল আৰু স্কুটীৰ মাজত মুখামুখি সংঘৰ্ষ হোৱাৰ ফলতেই সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো । জানিব পৰা অনুসৰি, মটৰ চাইকেলখনত দুজনকৈ যুৱক আৰু স্কুটীখনত আছিল এহাল যুৱক-যুৱতী । ঘটনা সংঘটিত হোৱা পিছতেই মটৰ চাইকেল আৰহী দুজনক সংকটজনক অৱস্থাত অসম চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ হয় ৷ ইফালে, স্কুটী আৰোহী যুৱক-যুৱতী দুগৰাকীক মৰাণ ৰাজ্যিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও প্ৰেম গড়(19) নামৰ যুৱকজনক মৃত বুলি ঘোষণা কৰে চিকিৎসকে (One died in road accident) । ইয়াৰ পাছতেই নিৰ্মলা গড়(15) নামৰ যুৱতীগৰাকীক উন্নত চিকিৎসাৰ বাবে অসম চিকিৎসা মহাবিদ্যালয়লৈ (Assam Medical College) প্ৰেৰণ কৰা হয় ৷ মৃত যুৱকজন তিলৈজান বৰলাইনৰ সুগীতা গড়ৰ পুত্ৰ বুলি জানিব পৰা গৈছে ।

Last Updated : Feb 3, 2023, 8:30 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.