Nalbari Road Accident: নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা

By

Published : Aug 19, 2023, 4:02 PM IST

thumbnail

নলবাৰী, ১৯ আগষ্ট : নলবাৰীৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে । স্কুটী আৰু ট্ৰেইলাৰৰ মাজত হোৱা মুখামুখি সংঘৰ্ষৰ ফলত থিতাতে নিহত হয় স্কুটী আৰোহী যুৱক এজন । দুৰ্ঘটনাত মৃত্যু হোৱা যুৱকজনক প্ৰাঞ্জল কলিতা বুলি জানিব পৰা গৈছে ৷

উল্লেখ্য যে ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথেৰে AS 14 Q 0457 নম্বৰৰ স্কুটীখনেৰে কাকলি কলিতা আৰু প্ৰাঞ্জল কলিতা নামৰ আৰোহী দুগৰাকী আহি থকা সময়ত NL 01 Q 7699 নম্বৰৰ এখন ট্ৰেইলৰৰ সৈতে মুখামুখি সংঘৰ্ষ হোৱাত থিতাতে নিহত হয় প্ৰাঞ্জল ৷ ট্ৰেইলৰ চালকজনৰ ভাষ্য অনুসৰি স্কুটী আৰোহী দুয়োগৰাকী তীব্ৰ গতিৰে আহি থকা দেখি ট্ৰেইলৰ চালকজনে গাড়ীখন ৰখাই দিছিল । স্কুটীখনে তীব্ৰ গতিত আহি নিয়ন্ত্ৰণ হেৰুৱাই ট্ৰেইলৰখনৰ সন্মুখত বাওঁফালে প্ৰচণ্ড জোৰে খুন্দা মাৰে । যাৰ ফলত থিতাতে মৃত্যু মুখত পৰে স্কুটী চালক প্ৰাঞ্জল কলিতা ।

ইপিনে গুৰুতৰ ভাৱে আহত হোৱা কাকলি কলিতাক সংকটজনক অৱস্থাত বৰ্তমান নলবাৰী শ্বহীদ মুকুন্দ কাকতি অসামাৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে ৷ ঘটনাস্থলীত নলবাৰী আৰক্ষী উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ।

লগতে পঢ়ক : Road accident in Nellie: নেলীত শোকাৱহ পথ দুৰ্ঘটনাত নিহত এজন

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.