Tragic road mishap: যাত্ৰীবাহী টেম্প’ বাগৰিল দ খাৱৈত; 1 নিহত, 8 আহত

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:47 PM IST

thumbnail

বিলাসীপাৰা, 31 আগষ্ট : বিলাসীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। বিলাসীপাৰা থানাৰ অন্তৰ্গত সোনকোষৰ 17  নং ৰাষ্ট্রীয় ঘাইপথত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনাটো । দুৰ্ঘটনাৰ ফলত থিতাতে নিহত হয় এগৰাকী মহিলা। নিহত মহিলাগৰাকী বিলাসীপাৰা মহকুমাৰ অন্তৰ্গত আন্দুৰঝাৰ 1ম খণ্ড গাঁৱৰ চবুৰা খাতুন(45) বুলি জানিব পৰা গৈছে। 

নিয়ন্ত্রণ হেৰুৱাই ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত দ খাৱৈত পানীত বাগৰি পৰে তীব্রবেগী যাত্ৰীবাহী টেম্প’ এখন ৷ এই দুৰ্ঘটনাত 8 গৰাকী লোক আহত হোৱাৰ উপৰি এগৰাকী মহিলা নিহত হয় ৷ ততাতৈয়াকৈ আহত কেইজনক উন্নত চিকিৎসাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰা হৈছে । দুৰ্ঘটনাগ্ৰস্ত টেম্প’খনৰ নম্বৰ AS 17 C 2526 বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে ।

এই দুৰ্ঘটনাৰ পিচতে ঘটনাস্থলীত বিলাসীপাৰা আৰক্ষী দল উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে ধুবুৰী মেডিকেল কলেজলৈ প্ৰেৰণ কৰে।

লগতে পঢ়ক: Minor Rape Case : গোৱালপাৰাত 14 বছৰীয়া কিশোৰীক ধৰ্ষণ

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.